শলাগনি। । ফুলকলি কিতাপখনি আদ্যোপান্ত পঢ়ি চাই সুখ পালোঁ। এনেই কবিতা শক্তিৰ অভাৱ, তাতে সময়ৰ নাটনি, গতিকে কবিতাবোৰৰ ভাৱ বা মাত্ৰালৈ বিশেষ চকু দিব পোৱা নগল। মুঠতে লিখকৰ প্ৰথম উদ্যমতে সংসাৰৰ নানা লেঠাত যে তেওঁ এই কবিতা পুথি- খনি লিখি উলিয়াব পাৰিছে, এইবাবে তেওঁ আমালোকৰ সকলোবে ধন্যবাদৰ পাত্ৰ। আশা কৰে। ভবিষ্যতে তেওঁ আৰু ভাল ভাল কবিতা লিখি আমালোকক সুখ দিব পাৰিব। শ্ৰীকামেশ্বৰ দাস বি. এচ চি ৩০/১০/১৫ বজালী। মই এই কবিতাৰ কিতাপখনি আদ্যোপান্ত পঢ়ি চালোঁ। কেইটি- মান পদ্য পঢ়ি বাৰ ভাল পালোঁ। কিছুমান পদাত মাত্ৰাবিলাক থিক হোৱা নাই। গ্ৰন্থকাৰ এখন ন-লিখাৰু; তেওঁ এইদৰে পদ্য লিখাৰ অভ্যাস ৰাখিলে ভবিষ্যতে তেওঁ ভাল পদ্য লিখিব পাৰিব তাৰ সন্দেহ নাই। গ্ৰন্থকাৰে মোক তেওঁৰ লিখা বিলাক কাটিকুটি ঠিক কৰি দিবলৈ অনুৰোধ কৰিছিল। কিন্তু পদ্য কাটিকুটি থিৰ কৰা সহজ কথা নহয়। সেই গুণে মই ঠায়ে ঠায়ে দুই এক শব্দ বা সাৰি পৰিবৰ্ত্তন কৰাত বাহিৰে বিশেষ একো কৰিব নোৱাৰিলে॥ আমাৰ ভাষাত ভালে বেয়াই যিমান কিতাপ ওলাই সিমানেই মঙ্গল। গৌহাটী ৬১০/১৫ ইং } শ্ৰীহেমন্দ্ৰ গোস্বামী।
পৃষ্ঠা:ফুল-কলি.pdf/৭৫
অৱয়ব