এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
ফুলকলি।
( ২ )
হে প্ৰভো! আমি অচৈতন্য তুমিহে চৈতন্য,
সৰ্ব্ব ভূতে তযু আত্মাৰ বিকাশ;
তুমি এৰি গলে যাব সকলোৱে;
কোনেও নাচাপে দেহৰ পাশ।
হে প্ৰভো! তোমাৰ কৃপাত সুমতি কুমতি,
আত্মাত বইছে দুইটী নই,
দয়া ক্ষমা স্নেহ কাম ক্ৰোধ লোভ—
উঠি কত ঢউ বাগৰি গই।
হে প্ৰভো! দুখ শোক তাপ প্ৰৱল সোঁতত,
তুমিহে ঘনাই বুৰাই-নিয়া;
শান্তি সুখ বুলি হৃদয় মন্দিৰে,
তুমি হে এছাটি পোহৰ দিয়া।
হে প্ৰভো! তুমিহে কৰিছা জ্ঞান বা অজ্ঞান,
সু-কাম কু-কাম কত নো কাম;
শান্তিদাতা বুলি হৃদয় মন্দিৰে,
তুমিহে লোৱোৱা তোমাৰ নাম।
হে প্ৰভো! তুমিয়েহে মাথোঁ পৰম দেৱতা,
আৰু আন দেৱ নাই নাই নাই;
জ্ঞান বিজ্ঞানত বিচাৰি বিচাৰি
তোমাকেহে মাথোঁ পায় পায় পায়।