সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলকলি। হে প্ৰভো! তোমাকে প্ৰণাম কৰিছোঁ ধিয়াই, আমিও তোমাৰ স্ৰজন পোক; তোমাৰ আত্মা তোমাৰ দেহ, সদায় ( মাৰ ভাৱত ৰোক। ঢালা কৃপা ধাৰা প্ৰভু নিতে জীৱনত। পূৰ্ণ হক অভিলাষ হিয় ৰ মাজত। পবিত্ৰ যি ধন পাম, দীন হীনক বিলাম, ধন আশা সোঁতে যেন নহওঁ বিতত। ঢালা কৃপা ধাৰা প্ৰভু নিতে জীৱনত। নিজ প্ৰাণাশা এৰি, পৰ জনে কৰি, শত্ৰু মিত্ৰ ভাৱ যেন থাকে মনত! ঢালা কৃপা ধাৰা প্ৰভু তে জীৱনত। সুখ দুখ অপমান শূন্য হক হৃদি খান, দুৰ হক শৰীৰৰ পাপৰ শোণিত! ঢালা কৃপা ধাৰা প্ৰভু নিতে জীৱনত। শিলৰ পৰ্ববত যেন, হওক অচল মন,