অৱশেষত যোৰহাট নৰ্মাল স্কুলৰ চুপাৰিণ্টেণ্ডেণ্ট দেশবৎসল পূজ্যপাদ শ্ৰীযুক্ত শৰৎচন্দ্ৰ গোস্বামী মহোদয়ৰ পৰিযত্নত এই কিতাপখনি ছপা হল। এখেতে নানা কৰ্ম্মৰ মাজতো পুথিখনি তিনি চাৰি বাৰ চাইছে, ভুলভ্ৰান্তি শুধৰাইছে, তদুপাৰি প্ৰেচৰ আটাইবোৰ কাম তেখেতে গা পাতি লৈছে। এই স্নেহ ঋণ শুজিব নোৱাৰি, শুজিবৰ ইচ্ছা কৰিবও নোৱাৰি। আশা হয় যেন এই নিস্বাৰ্থতাৰ অঙ্কুৰ মোৰো অন্তৰত সদায় সজীৱ থাকে।
চৈত, ১৮৪১ শক। |
শ্ৰীকালীপ্ৰসন্ন দাস। |
⸻
শ্ৰীযুত কালীপ্ৰসন্ন দাসৰ এই পুথিখনি ৰাইজৰ আগত দি মই বৰ আনন্দ পাইছোঁ। লিখকৰ কোনো স্কুলীয়া শিক্ষা নাই, আৰু তেওঁ নিতান্ত গাৱঁলীয়া মানুহ। তেওঁ স্বভাৱ-কবি। এনে এজনা মানুহৰপৰা সুন্দৰ ভাৱ, গভীৰ দেশ-প্ৰীতি আৰু ওখ ধৰ্মভাৱৰ কবিতা পঢ়িবলৈ পাই সাহিত্যৰসত আমোদী লোকমাত্ৰই বৰ আনন্দ পাব বুলি মই আশা কৰিছোঁ। কিছুমান কবিতা ইয়াত আছে যি অতি উৎকৃষ্ট হৈছে—আৰু যাক কোনোৱে নতুন কবিৰ লিখা বুলি কব নোৱাৰিব।
নৰ্মালস্কুল। |
৩।৪।২০ |