নিবেদন।
অসমীয়া সাহিত্য সমাজত এনেকুৱা পুথি ঠাই পাব পাৰে নে নোৱাৰে সেইটো লিখকে বুজাব নোৱাৰে। লিখোঁতে লিখোঁতে এই কবিতা কেইটাৰ সৃষ্টি হোৱা দেখি মনত অৱশ্যে ভাল লাগিছিল যদিও ইযাৰ একো মূল্য নাইকা বুলি ভাবি অনেক দিন অনাদৰ কৰি পেলাই থোৱা হৈছিল।
ঘটনাক্ৰমে এদিন এই কবিতা কেইটা কেইজন মান শিক্ষিত বন্ধুৰ চকুত পৰে আৰু তাতে ইয়াৰ প্ৰশংসাবাদ শুনি ছপাবৰ আগ্ৰহ হয়। সেই উদ্দেশ্যে পুথিখন কেই গৰাকীমান নিঃস্বাৰ্থ সাহিত্য সেবকক দেখুৱাত তেওঁলোকেও মোক আগবঢ়াই হে দিলে। তাতে মনত সাহ পাই ভক্তি ভাবেৰে আসাম-আইৰ শ্ৰীচৰণৰ ওচৰত এই ফুল-কলিটি ৰাখিলোঁ—ই আপোন ঠাই পালেই মোৰ সুখ।
সাহিত্য-প্ৰেমিক শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী মহোদয়ে পুথিখনৰ ঠায়ে ঠায়ে মাত্ৰা দোষ আঁতৰাই দিয়া বাবে তেখেতৰ ঠাইত কৃতজ্ঞ আছোঁ। আৰু শ্ৰীযুক্ত বিষ্ণুপ্ৰসাদ দুৱৰা মহোদয়ে কিতাপখনি এবাৰ চাই দিয়া বাবে তেখেতৰো শলাগ লৈছোঁ।
শ্ৰীযুক্ত সৰ্ব্বানন্দ দাস ডেঃ ইঃ, শ্ৰীযুত কামেশ্বৰ দাস এম এস চি., শ্ৰীযুত ধাৰেশ্বৰ শৰ্ম্মা হেড মাষ্টৰ এম্ ই স্কুল, আৰু শ্ৰীযুক্ত সৰ্ব্বানন্দ দত্ত হেডমাষ্টৰ ( বালিকা এম ই. স্কুল ) এখেত সকলে পুথিখন ছপাবলৈ উৎসাহ দিয়াত আন্তৰিকতা জনাইছোঁ।