সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

b যি ভাষাৰ আশ্ৰয়ত, ফুল কলি। সুস সৰল মৃদু মাতৃ ভাষা সেই॥ হে বন্ধু! সেবা তুমি, থাকে মানে শৰীৰত হলা জ্ঞানী বুদ্ধিমান, মাতৃৰ পূজিত সেই ক্ষণিক জীৱন ধন মাতৃ-ভাষা, মাতৃসম সদা জ্ঞান কৰি; থাকা তাৰ যথা সাধ্য মঙ্গল আচৰি। নিম্নতি। দিন দিন নিয়তিৰ নতুন আচাৰ, পলে পলে ক্ষন্তেকতে নতুন পোহৰ। তটিণীৰ সোঁত যেন ক্ষণে উঠে পৰে, নিয়তিৰ সোঁত তেনে আহা যোৱা কৰে। ক্ষন্তেকতে দেখি বিশ্ব ধোঁৱা অন্ধকাৰ, নাই যেন তক তৃণ পশু পক্ষী নৰ। নাই জোন নাই বেলি কোনো লগৰীয়া, শূন্য শূন্য শূন্যময় অকলসৰীয়া। জুৰিলোঁ ক্ৰন্দন যেন শোকে তল গই, নিৰাশা-সাগৰে পৰি ইনাই বিনাই। শূন্য ভাৱ শূন্য প্ৰাণে কাঢ়ে৷ হুমনীয়৷; ক্ষস্তেকেতে আহে আৰু হাঁহি মিচিকিয়া