এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফুল-কলি। মাতৃ-ভাষা। (>) মাতৃৰ কোলাত শুই, ওপৰত কিবা চাই, মিচিকি মিচিকি ক্ষণে হাঁহি দেখুৱাই, প্ৰকাশিব যিবা ভাষ৷ অন্তৰে কৰিলে আশা সুস সৰল মৃদু মাতৃ ভাষা সেই। (2) বয়সৰ ধৰি আত, ক্ৰমে ক্ৰমে ফুটি মাত, পিতা-মাতা মুখে যিবা শুনিবলৈ পাই, আধা-ফুটা মৃদু স্বৰে আ-আ, বা-বা, কা-কা বোলে, আই আই বাই বাই, দদাই ককাই। পিতা জেঠা জেঠী খুৰী, পেহা পেহী বুঢ়া বুঢ়ী, গৰু ঘোঁৰা, ভাত পানী দিলাহি বুজাই, প্ৰকাশিলা আৰু কত, যি ভাষাৰ আশ্ৰয়ত, সুস সৰল মৃদু মাতৃ-ভাষা সেই। (৩) নিম্ন পাঠশালাতেই কৰি আৰম্ভণ; পঞ্চ বৰ্ষ বয়সত, আ-আ ই-ঈ শিকি ক্ৰমে, লই ফলি পুথি যত, ঊনপঞ্চাশ বৰ্ণ শেষ, দিলে বিদ্যা-জ্ঞান লাভ, যি ভাষাক ধৰি তুমি কৰিলা মন্থন? পঢ়ালে গুৰুৱে পাঠ, জল, স্থল, আকাশৰ প্ৰভেদ বজাই .