সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰীতি উপহাৰ। পিতৃ-প্ৰীতি যজ্ঞ কৰিলোঁ শেষ, হিয়াৰ অৰ্ঘ্য উছৰ্গাই; সৰল মনে কৰাহি গোহাবি, আহাছে৷ আটাইটি ভাই। পিতৃ আশীৰ্ব্বাদ পুণ্য প্ৰৱাহ বওক শিবে অঙ্গ জুৰি; হোৱা দীৰ্ঘজীৱি বিনাশি বৈৰি কৰ্ম্মক্ষেত্ৰে দিয়াহি ভৰি। প্ৰীতি উপহাৰ দেওঁ সকলে সাদৰেৰ অঞ্জলি ভৰি; লোৱাহি লোৱা পূজাৰ নিৰ্ম্মালি ভক্তিভাবে হেপাহ কৰি। যদিও লেৰেলা “ককাই দেও”— পিতৃ পদ পূজাৰ বুলি, জীৱন পথে যোৱা আগুৱাই— ই নিৰ্ম্মালি শিৰত তুলি। । মঙ্গলাকাঙ্ক্ষী ককাই।