পাতনি।
এই সৰু পুথিখন লেখিবৰ বহুদিন হল। আৰু যেতিয়া লেখা হয়, তেতিয়া সংশোধন বা উৎসাহৰ অৰ্থে ইয়াক গণ্য মান্য দুজন মানৰ হাতত দিয়া হয়; কিন্তু ই কাৰৰ পৰা অলপো উৎসাহ বা ঔৎকৰ্ষ পোৱা নাই।
পুথি ভাল-বেয়া বা ছপাকৰাৰ উপযুক্ত-অনুপযুক্ত তাক আমি বিচাৰ কৰিব নোৱাৰোঁ; নিজৰ কাজ নিজৰ চকুত ভাল লাগে; নিজৰ ল'ৰাটিৰ কুৰূপপ আনল’ৰাৰ সৌন্দৰ্য্যত কৈ বেছি মধুৰ। আমিও যে সেই মোহত মুগ্ধ হোৱা নাই। তাক ডাঠি কব নোৱাৰে। তেন্তে, দোষ-গুণ, ভাল-বেয়া সকলো গ্ৰন্থকাৰৰ; ইয়াক আন কোনোৱে অলপো ভাল বা বেয়া কৰিব পৰা নাই। গ্ৰন্থকাৰৰ বিশেষ বন্ধু দুইজন মানত বাদে ইয়াক কোনোৱে ভাল বোলা নাই বা প্ৰকাশক যুক্তিসঙ্গত বুলি কোৱা নাই। এওঁলোকৰ কথামতেই ইয়াক ছপা কৰা হ'ল। তেওঁলোকেয়ো যে বন্ধুৰ খাটিৰত হে ভাল বুলিছে, বা ছপা কৰিব খোত বাধা দিয়া নাই- ইও অসম্ভব নহয়। যি হক, সাধাৰণে যেনে বুজে ইয়াক তেনেকই বিচাৰ কৰিব, গ্ৰন্থকাৰ তাত উদাসীন। ইতি। ২০ পুহ, ১৩১৫ চন।
গ্ৰন্থকাৰ।