পৃষ্ঠা:পৰিদৰ্শন.djvu/৮২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

পৰিদৰ্শন

 ভদ্ৰেঃ পিতা— (নগই ৰৈ) আয়ৈ দেহি! ক’ত মাৰিলে তোক আই। চা চা। (মৰম কৰে)

 ভদ্ৰেঃ ভনী— এইয়া চাওক; গালত চৰ এটা আৰু পিঠিত এটা চাপৰ মাৰি দিলে।

 ভদ্ৰেঃ পিতা— আয়ৈ, আয়ৈ, কিয়নো মাৰিলে মাৰাই (কোলাত লৈ মৰম কৰে।)

 ভদ্ৰেঃ ভনী— আপোনাক কৈ দিব খুজিছিলোঁ, সেই দেখি।

 ভদ্ৰেঃ পিতা— কিনো কৈ দিব খুজিছিল আই?

 ভদ্ৰেঃ ভনী— সেইয়া ককাইদেৱক তেতিয়া টকা এটা দিছে। মই লুজন আনিবলৈ ক’লে নানে, ককাইদেৱক হলে টকা এটা দিছে।

 ভদ্ৰেঃ পিতা— টকা এটা! কিয়? হেৰ ভদ্ৰেশ্বৰ, কিয়, টকা এটা নিলি কিয়?

(ভদ্ৰেশ্বৰ নিমাত, ইফালে-সিফালে চাই লৰ মাৰে।)

 ভদ্ৰেঃ পিতা— কি বদমাচ্, ল’ৰা। চা। (খঙতে ভদ্ৰেশ্বৰে ভনীয়েকক থেকেচা মাৰি থৈ যাব খোজোতে মাকে নেপথ্যৰ পৰা এহাতে তাক ধৰি ষ্টেজলৈ ঠেলি দিছে।

 ভদ্ৰেঃ মাক— (নেপথ্যত) দিলোইবা টকা এটা? ল’ৰাটোকনো এইদৰে মাৰিব লাগেনে? বেঙে মুতা গৰুৰ দৰে বাছাই মোৰ কঁপিব ধৰিছে।


[৭৮]