পৃষ্ঠা:পৰিদৰ্শন.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
DISCIPLINE
 

scene like this? ...Excuseতো বহুতো দিব পাৰি। কিন্তু আমাক কি difficulty ত land কৰাইছে জানিছে নে? Ministry may fall for this... দোষ আপোনালোকৰ নহয়, কাৰ? ...মোৰ নে Hon’ble Premierৰ? ...নাই খং কৰা নাই; কিন্তু really speaking we are worried and the Premier is annoyed too... settle তো কৰিবই লাগে। কি কৰি settle কৰিব? ...They are already suspended and sent away from the hostel... দহজন জেলত? বৰ কেলেঙ্কাৰিখন হ’ল। কি কৰিব খুজিছে?... হয় D. C.ক দেখা কৰি কওক যে গৱৰ্ণমেন্টৰ ইচ্ছা আজি ৰাতিৰ ভিতৰতে কিবা নিষ্পত্তি হব লাগে। Premierৰ কথাও কব পাৰে। লাগে যদি মই Jail Supdt. আৰু D.C.লৈ Phone কৰিব পাৰোঁ। কিন্তু ৰাতি Jailৰ পৰা মানুহ অনা টান। কালি পুৱা আঠ-নটাৰ ভিতৰত নিষ্পত্তি কৰি আমাক জনাব... বাৰু খং নকৰে, মই Premierক কম। Good night.

 

(৫)

 [কলেজ থকা নগৰ। সময় গধূলি আঠমান বাজে। Assemblyৰ Opposition Leaderৰ ঘৰ। তেওঁ আৰু দুই-তিনিজনমান M.L.A. ডেকা আৰু কেইজনমান ছাত্ৰ।]

 এজন M. L. A.— আজি এতিয়া special timing আছে নে নাই?

[৪৯]