হীঃ মাঃ— দুখ তিমান পোৱা নাই। পাচে তাক হাতকেৰেয়া মাৰি নিলে পুলিচে। চাওকচোন বাইদেও।
মন্ত্ৰীয়নী— চমচেৰ একা?
হীঃ মাঃ— সি অজ্ঞান হৈ পৰিছিল। তেজ-চেজ সিমান হলে ওলোৱা নাই।
চঃ পেঃ— চাওকচোন বাৰু! আমাৰ ল’ৰা কেইটাকেনো আপদে পাব পায়নে?
শিঃ মঃ— কলেজৰপৰা connection আহোঁতে কিমান সময় লাগে ঠিক নাই। আৰু আপুনি (চমচেৰৰ পেহীয়েকৰ প্ৰতি) কথা-বতৰা পাতি চাওকগৈ। মই অলপ আহিছোঁ। এওঁবিলাকে কথা পাতক। ফোন কল আহিলেই মোক কব। মই আহিছোঁ। (বাহিৰলৈ ওলাই যায়)
চঃ পেঃ— (মন্ত্ৰীয়নীৰ প্ৰতি) বাইদেউ, আপুনি নেৰিব। আজি ৰাতিৰ ভিতৰতে কিবা এটা কৰিব লাগে। আমাৰ Preimier এ কলেই নহয়।
মন্ত্ৰীয়নী— বাৰু, মই নেৰিছোঁ। (চঃ পেঃ অলপ পৰৰ পাচত যায়। এওঁবিলাক যাবৰ মন কৰিছে, এনেতে টিলিং টিলিং কৰি ফোন বাজে— মন্ত্ৰীও সোমাই আহে)
শিঃ মঃ— (Telephone লৈ) Education Minister is speaking... Good Evening... What is all these about the College? Could none of you avoid a