সমললৈ যাওক

পৃষ্ঠা:পৰিদৰ্শন.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিদৰ্শন
 

 চমচেৰৰ পেহীয়েক— হয়, জোনাব। ইমান পুলিচৰ অত্যাচাৰ সহিব নোৱাৰি।

 হীঃ মাঃ— পুলিচৰ গাত কি দোষ দিব? সকলো বিলাকৰে মূল এখেত সকলৰ ভীৰু অকৰ্ম্মণ্য Principal টোহে। তেওঁৰ যে ঘৈণীজনী? সিজনী আৰু একাঠী চৰা। তেওঁক নোকোৱাকৈতো Principal এ একোকে কৰিব নোৱাৰে।

 শিঃ মঃ— পিচে, একো ৰিপোৰ্ট নোপোৱাকৈ মই কি কৰিম? (হীঃ মাকক) আপুনি দুই-এদিন থাকক। বৰ মস্কিল হ’ল। ইফালে পৰহিৰ পৰা Assembly বহিব। বৰ দিগদাৰ কৰিলে এই কলেজৰ দুষ্ট ল’ৰাবোৰে।

 চঃ পেঃ— দুদিন ৰব নোৱাৰি, জোনাব। আজিয়েই কিবা এটা কৰক। লাগিলে Premier ক সোধক।

 হীঃ মাঃ— মই উধাতু খাই লৰি আহিলোঁ। আপুনি, আমাৰ Premier এইসকল ইয়াত থাকোঁতেনো আমাৰ ল’ৰাৰ এইবোৰ দুৰ্গতি হব লাগে নে?

 শিঃ মঃ— ৰব বাৰু অলপ। (এইবুলি telephoneটো লৈ, ‘Double two 0, please’। অলপ পৰৰ পাচত

telephone বাজি উঠে) মই শিক্ষা মন্ত্ৰী ... ভাল। অসময়ত আমনিতে কৰিছোঁ। পাচে কলেজৰ ঘটনাটো শুনিছে নে? ... চমচেৰৰ পেহীয়েক মোৰ ইয়াত বহি আছে... কলেজৰ ঠাইৰ পৰা আপুনি phone পালে নেকি? ... হয়, হীৰাচিঙৰ মাক

[৪৬]