পৃষ্ঠা:পৰিদৰ্শন.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
DISCIPLINE
 

অলপ পাচতে ডিপুটী কমিছনাৰ চাহাব মটৰেৰে Principalৰ বঙলা পালেহি। আৰু কাণ্ড দেখি ঘপ্ ঘপ্ কৰি বঙলাৰ ওপৰলৈ উঠি গ’ল।

 D. C.— Oh, what a mess!

 

(২)

 [ছিলং চহৰ। শিক্ষা মন্ত্ৰীৰ ঘৰ। সময় গধুলি। সাত মান বাজে। শিক্ষা মন্ত্ৰী নিজৰ Drawing Roomত বহি আছে। তেওঁৰ লগত দুগৰাকী মহিলা। সাজপাৰ গম্ভীৰ, অথচ নতুন ধৰণৰ। এজনী হীৰাচিঙৰ মাক। আৰু এজনী চমচেৰৰ সম্বন্ধত পেহীয়েক। হীৰাচিঙৰ মাক তলৰ পৰা ছিলঙলৈ আহিছে। ই গৰাকী ছিলঙতে থাকে। তাৰ বিশিষ্ট লোক এজনৰ ঘৈণী।]

 শিক্ষা মন্ত্ৰী— আজি নে?

 হীৰাচিঙৰ মাক— হয় আজি, এঘাৰ বজাত। মই আবেলিৰ সময়ত মটৰত আহিলোঁ।

 শিঃ মঃ— বৰ বেয়া কথা। মোলৈ একো ৰিপোৰ্ট অহা নাই।

 হীঃ মাঃ— ৰিপোৰ্ট কৰ পৰা আহিব? ডি. চি.ৰ লগত পৰামৰ্শ কৰিহে আপোনাৰ Principal এ ৰিপোৰ্ট পঠিয়াব। ইতিমধ্যে ল’ৰাবোৰ কি হব? আৰু চমচেৰৰ অৱস্থা বৰ বেয়া।

[৪৫]