পৃষ্ঠা:পৰাচিত.pdf/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
তৃতীয় দৃশ্য
২১
পৰাচিত


কিন্তু একো ফল নহ'ব। আপোনালোকে যদি মোৰ কথা মানি চলে মই চিকিৎসা কৰিব পাৰোঁ। যদি সেয়ে হয়, ঔষধ আনিবলৈ কোনোবা এজন এতিয়াই মোৰ লগত যাব লাগিব। ঔষধৰ বাহিৰেও পথ্যলৈ বিশেষ চকু দিব লাগিব। হৰ্লিকচ, গ্লুকজ, বাৰ্লি আদি লাগতিয়াল পথ্য নহলেই নহয়।

 ভকত। আজি দিনটো বাট চালে নহয় নে?

 ডাক্তৰ। নহয়। এতিয়াই বৰ পলম হৈছে। ততালিকে চিকিৎসা আৰম্ভ কৰিব পাৰিলেহে মই চিকিৎসা হাতত ল’ম। বাজলৈ উলিয়াবৰ সময়ত ঔষধ দি মই বদনামৰ ভাগী হ’ব নোৱাৰোঁ।

 লোক। কি কোৱাঁ ককাই? যদি ডাক্তৰৰ কথা শুনা, কোৱাঁ, ময়ে ঔষধ-পাতি আনিবলৈ যাওঁ। নহ'লে যি ইচ্ছা কৰাঁ, মই আৰু ইয়ালৈ নাহোঁ।

 পেটুৱা। মাজতে এইখন আহুকাল নোহোৱা হ'লে ইমান পৰে সি সাত ঢাপৰ বাহিৰ হ’ল হেতেন।

 ডাক্তৰ। (ভকতক) মোৰ কথামতে চলিবা নে নচলা কোৱাঁ।

(লোকনাথে ভকতক এফলীয়াকৈ মাতি নি কিবা কয়।)

 ভকত। চলিব লাগিব আৰু।

 ডাক্তৰ। ভাল কথা। কি কৰিব লাগিব সকলো মই লোকনাথ বাবুৰ আগত কম। তেওঁ যি কয় সেইমতেই চলিবা। এতিয়া প্ৰথম কথা হৈছে তোমালোকে ৰোগীৰ ওপৰত কোনো