পৃষ্ঠা:পৰাচিত.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
[প্ৰথম অঙ্ক
পৰাচিত


অত্যাচাৰ নকৰিবা। অকল মূৰত চেঁচা পানী ঢালিবা আৰু বিচিবা। বুকুত পচতীয়া-পাতেৰে সেঁক দিব পাৰা। ম‌ই আহিলোঁ।

(ওলাই যায়)

 লােক। ময়াে আহিলোঁ; ঔষধ-পাতি লৈ আহোঁ। তােমালোকে কিন্তু ডাক্তৰে কোৱামতে কাম কৰিবলৈ নাপাহৰিবা ওলাই যায়।

 পেটুৱা । (ভকতক) তুমি তেনেহ'লে ডাক্তৰ লগাবাই ।

 ভকত ! নলগাই কি কৰিম !

 পেটুৱা। যদি ডাক্তৰকেই লগােৱা, মিছামিছিকৈ মােক মাতিছিলা কিয় ? সি লােকনাথে ইংৰাজী পঢ়ি আমাক নমনাই হ'ল, আৰু তােমালোকে দেখি-শুনি থাকিও তাৰ কথাতে হয়ভৰ দিলা !

 ( কথাৰ লগে লগেই পুথিখন আৰু ভােজনীৰ সামগ্রী জোলোঙাত ভৰায় ; টকাটো জেপত সুমায় ।তাৰ পাচত লাখুটিডাল লৈ থিয় হৈ । বাৰু দেখা যাওকচোন, দৰব কটিয়া কেনেকৈ ভূত খেদায়! আকৌ যেতিয়া পেটুৱাৰ ওচৰলৈ লৰিবা তেতিয়া সােৱঁৰাম।

( উচাট মাৰি গুচি যায়।)

পট