পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“দিহিঙে-দিপাঙে” যাও দেখ! মনত নপৰে আৰু যে কেতিয়৷ দেখিম তাকে কব নোৱাৰে॥ প্ৰথমতে সুৰ্য্যদেৱতাই ৰঙালি ৰঙব ৰথৰ ওপৰত উঠি গাত এডাল ক'লা পটি মেৰাই পূৱ গগনৰ ফালৰ পৰা দেখা দিলেহি। ঠিক তাৰ অলপ আগতে পশ্চিম দিশত থকা হিমালয় পৰ্ব্বতৰ তিনিট। উচ্চ টিঙত অৰুণৰ আভা পৰি টিঙৰ কলচী. কিট৷ চিক্‌মিকাই উঠিছে—যেনিবা তিনিখন তিথাৰ তৰোৱালহে। ভাৱ হৈছিল, সূৰ্য্য সম্ৰাটৰ আগমনৰ বাৰ্ত্ত৷ পাই ভাৰতভূমিৰ ঘূৰ শিতানত গাৰখীয়া হিচাবে থকা মহাবলী হিমগিৰিয়ে নিজৰ ত্ৰিহস্তত তিনিখন তৰোৱাল লৈ ভাৰত মাতৃৰ হৈ সূৰ্য]দেৱতাক পদূলিৰ মুখতে অভিবাদন জনাইছে। সাহে লাহে সূৰ্য্যদেৱতাই গাৰ পৰা ক’লা পটি ডাল থহাই ওচৰ চাপি আহি- বলৈ ধৰিলে। লগে লগে জেউতি আৰু কিৰণো বেছি তেজী হৈ উঠিল। ভাৰত মাতৃৰ ওচৰ চাপি অহাৰ লগে লগে বাল অৰুণৰ গাত অসংখ্য চক্ৰ দেখা গল সেই চক্ৰবোৰে এটা নিৰ্দ্দিষ্ট বিন্দু আৰু এটা নিৰ্দিষ্ট কক্ষত ঘূৰি নানা ৰঙৰ ৰশ্মি ওফোৰাই ছটিয়াই ঘুৰিব লাগিছে,—দেখিলেই সকলো স্বৰ্গীয়, অসাধাৰণ, আৰু অলৌকিক যেন লাগে আৰু বাস্তৱিকতে সি তেনেধৰনৰেই। সূৰ্য্যদেৱতাই নিজৰ ৰথৰ ওপৰত উঠি লাহে লাহে আগ বাঢ়ি অহাৰ লগে লগে অলপ দূৰৈত অভপৰে গা ঘেলাই থকা চন্দ্ৰমাৰো জেউতি হ্ৰাস হৈ আহিবলৈ ধৰিলে আৰু অৱশেষত একো নথকাই হলগৈ। এই কাৰণেই কম বোধ হয়, যে একে- খন আকাশত চন্দ্ৰ আৰু সূৰ্যাদেৱত! দুয়ো সমানে জ্যোতি বিহাৰিব নোৱাৰে সূৰ্যদেৱতাৰ জ্যোতিৰ প্ৰথৰতাৰ আগত চন্দ্ৰমাৰ কিৰণৰ অস্তিত্ব লোপ পাই আহে—ঠিক সেইদৰেই আমাৰ দৈনন্দিন আৰু ৰাজহুৱা জীনৱটে৷ সেইটো থাটে— বিশেষকৈ ৰাজনীতিজ্ঞ নেতা আৰু পণ্ডিতসকলৰ গাত। ↑ আমি এইদৰে একেথৰে আকাশলৈ চাই চাই ঠেটুৱাই ধৰা জাৰত কঁপি কঁপি তাত প্ৰায় এঘণ্টামান কাল কটালো। তাৰ পিছত মনত অত্যন্ত আনন্দ আৰু অন্তৰ ভৰা উলাহৰ ভাৱ লৈ নিৰ্দিষ্ট বাসস্থানলৈ উভটিবৰ কাৰবাৰ কৰিলো। মনত বান্ধি ললো এবোজা আবেগৰ মধুৰ স্মৃতি আৰু অন্তৰত সুমাই ললো হেপাহৰ অশেষ পৰিতৃপ্তি। ক্ষন্তেকৰ কাৰণে ভাবিলো; মোৰ জীৱন ধন্য। জীৱনৰ এইছোৱা বাটতেই পৃথিবীৰ তিনিটি আপৰুগীয় বস্তু দেখিবলৈ পালো। প্ৰথমতে, পৃথিবীৰ সপোন দিঠকত পৰিণত হোৱ৷ বুৰঞ্জীৰ পাত জিলিকোৱা বাদচাহ চাহ- জাহানৰ অতিত মণ্ডিত কীৰ্তি “তাজমহলত এপাক”; দ্বিতীয়তে, ভৌগলিক অৱস্থাৰ অতুলনীয় সংলগ্নত হোৱা তিনি সমূদ্ৰৰ মিলনত ফাগুনী পূৰ্ণিমাৰ দিনা ৰাতি ১২