পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ আৰু পিচদিনাৰ ধলপুৱাত চন্দ্ৰ সূৰ্য্যৰ ৰশ্মিয়ে ত্ৰিসমূদ্ৰৰ ঢৌৰ লগত কৰ। কেলিৰ অপূৰ্ব্ব স্বৰ্গীয় দৃশ্যৰ প্ৰত্যক্ষ দৃষ্টিৰে সৈতে কটোৱা “কুমাৰিক৷ অন্তৰীপত এৰাতি” আৰু তৃতীয়তে এই প্ৰকৃতিৰ বিধানমতেই হিমালয় পৰ্ব্বতৰ মাজত অল- ক্ষিত ভাৱে পৰি থকা আৰু দৈনন্দিন দেখিবলৈ পোৱা সূৰ্য্যদেৱতাৰ উদয়ৰ এনেহেন মনমোহ৷ দৃশ্য দৰ্শনত কটোৱ৷ “বাঘ পাহাৰৰ ওপৰম্ভ এঘণ্টা”; এই সকলো মোৰ পূৰ্ব্বজন্মৰ সঞ্চিত কৰ্ম্মৰ ফল বুলি মই বিশ্বাস কৰো আৰু তাকে ভাবি সন্তোষ পাও৷ দিহিঙে-দিপাঙে ঘুৰি ফুৰা ভ্ৰমণ জীৱনত বুটলি লোৱা, তিনিধাৰী মুক্তাৱলী হিচাবে ৰাখি থোৱ৷ মধুৰ স্মৃতিৰ অমিয়৷ যাধুৰী—এই ভ্ৰমণ কাহিনী মোৰ। বিহুৱান (গীতৰ শৰাই ) গীত— নিজানতে ফুলিছিলি আদমালতী, এন্ধাৰ-মৃধাৰ গিৰি-গুহাৰ বিলাই সুৰভি; —আদৰ-মালতী! ৰূপে নো তোৰ জকেমকায় পৰেবৰ্ত্তৰ গা, গোন্ধে নো তোৰ মলেমঙ্গায় পৰেবৰ বা, ৰঙতে নে| থৌকিবাথৌ নিজৰাৰে ঢৌ;-- লাজতে যা মৰহি বেলিৰ কিৰণ পৰশি, পৰেবতৰ কুঁৱৰী তই লাজুকী অ' ৰূপহী! —আদৰমালতী!