পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 অসম সাহিত্য সভাৰ বছেৰেকীয়া অধিৱেশন উপলক্ষে অভ্যৰ্থনা সমিতিয়ে আগধৰি প্ৰৱন্ধ গোটাই পুথি প্ৰকাশ কৰাৰ এয়ে প্ৰথম চেষ্টা। প্ৰথম উদ্যম বুলি ইয়াতো বহু ভুল-ত্ৰুটী ৰৈ গল, তাক আমি স্বীকাৰ নকৰি নোৱাৰোঁ। সৰহ ভাগ প্ৰৱন্ধ নিৰ্দ্ধাৰিত সময় পাৰ হৈ যোৱা বহুত পাচত হে পোৱা গৈছিল। কেতবিলাক প্ৰৱন্ধ মূৰামূৰি সময়ত হে আমাৰ হাতত পৰিল। সেই গতিকে ততাতৈয়াকৈ ছপাখানাৰ লগত বন্ধৱস্ত কৰিব লগা হোৱাত বহুত অসুবিধাৰ মাজেদি এই পুথি প্ৰকাশ কৰা হৈছে। গুৱাহাটীৰ ছপাখানাত সম্পুৰ্ণ পুথিখন সম্মিলন। আগতে উলিয়াই দিব নোৱাৰাৰ কাৰণে প্ৰথম খণ্ড গুৱাহাটীৰ “জয়ন্তী অৰ্ট প্ৰেছ”ত ছপাবলৈ দি, বাকী প্ৰৱন্ধবিলাক দ্বিতীয় খণ্ড স্বৰূপে কলিকতাত খৰধৰ কৈ ছপাই সম্মিলনৰ আগতে ৰাইজৰ আগলৈ উলিৱাৰ বন্ধৱস্ত কৰা হৈছিল;–তাৰ বে ইমান ততাতৈয়া কৰিব লগা হল যে—অনেক প্ৰৱন্ধ ভালকৈ সম্পাদন কৰিবৰ সময় নোলাল আৰু বৰ্ণা- শুদ্ধিবিলাকো ভালকৈ পৰীক্ষা কৰিবলৈ সুবিধা নহল। এই ত্ৰুটীৰ বাবে আমি ৰাইজৰ ওচৰত ক্ষম৷ মাগিছোঁ। শুধৰণীৰ টোকা এটি পুথিৰ শেষত দিয়া হৈছে, সদাশয় গ্ৰাহকসকলে অনুগ্ৰহ কৰি সেই টোকা মতে পুথিৰ ভুল বিলাক নিজে শুধৰাই লয় যেন।

 আমি বহুতো প্ৰবীণ আৰু নবীন লিখকৰ পৰা এই পুথিৰ কাৰণে প্ৰৱন্ধ পাইছিলোঁ। সমুদায় ৭২ টি প্ৰৱন্ধ আমাৰ হাতত পৰিছিলহি। তাৰ ভিতৰত বহুত লেখকৰ প্ৰৱন্ধ এই পুথিত ঠাই দিবলৈ নুজুৰিলে আৰু কেতবিলাক প্ৰৱন্ধ বাচনিত নুঠিল। অভ্যৰ্থনা সমিতিৰে গঠন কৰা প্ৰৱন্ধ বাচনি কমিটীয়ে বহুত কষ্ট স্বীকাৰ কৰি এটাইবিলাক প্ৰৱন্ধ পৰীক্ষা কৰি চাই দিয়া বাবে আমি বাচনি-কমিটীৰ সভ্যসকলৰ শলাগ ললোঁ। কমিটীয়ে যিবিলাক প্ৰকাশৰ যোগ্য বুলি ক্ৰম অনুসাৰে বাছি দিছিল তাৰ ভিতৰতো কেইটিমান সময়ৰ অভাৱত ছপাব পৰা নগল। আমি সকলো প্ৰৱন্ধ লিখকৰ ওচৰতে কৃতজ্ঞ। সিবিলাকৰ প্ৰৱন্ধ প্ৰকাশ কৰিব পৰা নহল, তেখেতসকলকো উদ্যোগৰ বাৰে আমি শলাগ ললোঁ, আৰু তেখেতসকলৰ প্ৰৱন্ধ প্ৰকাশ কৰিব নোৱাৰা বাবে দুখ প্ৰকাশ কৰিলোঁ। আশা কৰোঁ আগলৈকো প্ৰচেষ্টাৰ বাবে অসমীয়া লিখকসকলে