পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আমাৰ একেষাৰ

 সম্মিলনৰ বছেৰেকীয়া অধিৱেশনৰ লগে লগে এই ধৰণৰ প্ৰৱন্ধ পুথি প্ৰকাশ কৰি সাহিত্যৰ সম্পদ বঢ়োৱাৰ চেষ্টা আমাৰ মাজত অভ্যৰ্থনা সমিতিৰ এয়ে প্ৰথম।

 যদিও প্ৰকাশৰ খৰচ আৰু দায়িত্ব সম্পৰ্কে এই প্ৰৱন্ধ পুথি খনৰ মূল সাহিত্য সভাৰ লগত সম্বন্ধ নাই তথাপি সম্মিলনৰ উপলক্ষে ইয়াক প্ৰকাশ কৰাত এই বাৰৰ বছেৰেকীয়া অধিৱেশনৰ ই এটি বিশেষত্ব হৈছে বুলিব পাৰি।

 অভ্যৰ্থনা সমিতিয়ে প্ৰৱন্ধ গোটাবলৈ, বাছিবলৈ আৰু সঙ্কলন কৰিবলৈ যি সকলৰ ওপৰত ভৰি দিছিল, তেওঁলোকৰ পৰিশ্ৰম কিমান দূৰ সফল হৈছে ৰাইজে বিৱেচনা কৰিব; কিন্তু এইটো স্বীকাৰ নকৰি নোৱাৰো যে সাহিত্য-সেৱী- সকলৰ পৰা আমি আশাতীত আগ্ৰহ আৰু সহানুভূতি পাইছোঁ, নহলে ইমান কম সময়ৰ ভিতৰত অত বিলাক প্ৰৱন্ধ আমাৰ হাতত গোট নাখালেহেতেন। বাতৰি কাকতত জাননী দিয়াৰ উপৰিও বহুত সাহিত্যিকলৈ প্ৰৱন্ধ সমিতিৰ পৰা লিখিত আক মৌখিক অনুৰোধ কৰা হৈছিল, তাৰ যথেষ্ট সমিধান পোৱা হৈছে।

 প্ৰৱন্ধ পঠাওঁতাসকলক আমাৰ আন্তৰিক ধন্যবাদ জনালোঁ। ইয়াত প্ৰকাশ কৰা প্ৰৱন্ধৰ ভিতৰত অনেক ভুল-ত্ৰুটী থাকি যোৱা বাবে লিখকসকলক আমি ক্ষমা খুজিছোঁ। অনেক ততাতৈয়াকৈ এইটি কাম এইবাৰ নতুনকৈ হাতত লোৱা বাবে যি ফেৰি হীনডেঢ়ি হল তাক যেন হৃদয় লিখকসকলে মৰমৰ চকুৰে চায়। মুৰামূৰি সময়ত পোৱা কেইটিমান মূল্যৱান প্ৰৱন্ধও সময়ৰ অভাৱত আমি এই পুথিত ঠাই দিব নোৱাৰি দুঃখিত, আশা কৰোঁ যেন তাৰ- বাবে লিখকসকল নিৰুদ্যম নহব।

গুৱাহাটী
১০ পুহ, ৪৮৯ শঙ্কাৰাব্দ।
শ্ৰীমাধৱ চন্দ্ৰ বেজবৰুৱা
সম্পাদক, প্ৰৱন্ধ সমতি