পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ কম্পাচৰ (Compass ) কাটাডাল ইফালে সিফালে লৰাব পাৰে। এই মত- টোকে আলমলৈ এন্দেমেৰি এম্‌পিয়াৰ (Andre Mari Ampere) নামে ফৰাচি গণিতজ্ঞ পণ্ডিত এজনে নানা কথা আবিস্কাৰ কৰিলে। তাৰ ভিতৰত তেওঁ ইয়াকে পালে যে যদি একোচা ঘূৰণীয়৷ ভাবে মেৰোৱা তাঁৰৰ (a coil of wire ) ভিতৰেদি বিজুলী প্ৰবাহিত হয় তেন্তে তাঁৰকোছাই চুম্বকব অৱস্থ৷ প্ৰাপ্ত হয়। ইয়াকে প্ৰমাণ কৰি বিজুলী আৰু চুম্বকৰ সম্বন্ধে তেওঁ আবিস্কাৰ কৰিলে। তেওঁৰ নাম অনুসৰি তেতিয়াৰ পৰা বিজুলী প্ৰবাহৰ ‘ইউনিট্’ (Unit) হ’ল ‘এম্‌পিয়াৰ'। to ১৮২৫ চনত বিজুলীয়ে মনা প্ৰধান নিয়ম (lair ) আবিস্কাৰ কৰিলে জঞ্জ চাইমন্ ওম্‌চে ( George Simon Ohm )। এডাল ধাতুৰ মাৰিব ( metal rod ) ভিতৰেদি বেলেগ বেলেগ বিজুলী প্ৰৱাহ (Electric current) পৰিমাণে পঠিৱা বিজুলী প্ৰবাহ অনুযায়ী মাৰিব প্ৰত্যেক ঠাইতে ভল্‌ত্তেজ ( Voltage) বেচি কম হয়। কিন্তু মাৰিৰ দুডোখৰ নিৰ্দিষ্ট ঠাইব ভলতেজৰ বিয়োগ ফলক (difference of Voltage) পাঠিওৱা বিজুলী 'প্ৰবাহেৰে হৰণ কৰিলে হৰণ ফল সদায় সমান থাকে। সদায় সমান থকা হৰণ ফলকে সেই দুই নিৰ্দিষ্ট ঠাইৰ মাজৰ প্ৰতিৰোধক ক্ষমতা (resistance ) বোলে। Voltage ( হেঁচাশক্তি), resistance ( প্ৰতিৰোধক ক্ষমতা ) Current ( বিজুলী-প্ৰৱাহ ) “যি বিজুলী শক্তিয়ে আজি গোটেই পৃথিবীত এটা নতুন যুগ আনিছে তাৰ মূলতে এই প্ৰতিস্থিত তথ্যবোৰ। অত আবিষ্কাৰৰ আলমলৈ উনৈশ শতাব্দিৰ শেষ ভাগত মাইকেল ফোদে তাক কামত খটাই নতুনকৈ উইলিয়ালে ‘ইলেকূট্1ে মেগ্নেতিক ইন্ডাকচন্’ যন্ত্ৰ। ফোদেৰ 'ইলেক্‌ট্টে। মেগ্নেতিক ইনডাকচন’ যন্ত্ৰৰ আৰ্হিলৈ পিচত বৈজ্ঞানিক সকলে ইলেকট্ৰিক ডায়নামো Dynamo সাজিলে। ১৮৫১ চনলৈকে মানুহে ইয়াক কামত খটাব পৰা নাছিল। গ্ৰামী নামে আন এজন বৈজ্ঞানিকে ‘ৰিং আৰমেচাৰ, ( Ring armature ) আবিস্কাৰ কৰি ডায়নামোত খটালতহে ইয়াৰ বহুল প্ৰচলন হ'ল। এই ‘আৰমেচাৰ ওলোৱাৰ পৰা মানুহে এনে এবিধ যন্ত্ৰ পালে যাৰ দ্বাৰা বিজুলী শক্তি উদ্ভব কৰিব পাৰি। এই কৌশল বোৰৰ ক্ৰমোন্নতিৰ লগে লগে বিদ্যুৎ শক্তি উদ্ভৱ কৰি মানুহে ইচ্ছামতে তাক কামত খটাব পৰা হ'ল।