পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদ্যুৎ ৮১ টেলিগ্ৰাফ, টেলিফোন, আদি ওলোৱাৰ আগৰ যুগত এঠাইৰ পৰা আন ঠাইলৈ কিবা জৰুৰী বাতৰি পঠাব লাগিলে, মানুহে আজি কালিব দৰে অনায়াসে, চকুৰ পলকতে তাক কৰিব নোৱাৰিছিল। টেলিফোন, টেলিগ্ৰাফ, বেৰ্তাৰ যন্ত্ৰ আদিয়ে মানুহ আৰু দেশৰ মাজত দূৰত্ব কমোৱাৰ লগে লগে, টকা পইচাৰ খৰচো কমাই আজিকালি বেহাৰেপাৰৰ যুগত মানুহৰ কিমান উপকাৰ সাধিছে তাক কৈ শেষ কৰা টান। যদি কোনো বন্ধু এজনৰ লগত আমি কথা পাতিব খোজোঁ তেওঁ যিমান দূৰতে নেথাকক লাহেকৈ টেলিফোনৰ নলটে৷ কাণত লগাই সুধিলেই হ'ল, তৎক্ষণাৎ সিমূৰৰপৰ৷ তেওঁ কাণে কাণে খবৰ কৈ যাব। তাত কথা কলে ঘৰৰ একোঠালিৰপৰা আন কোঠালিত থকা মানুহৰ লগত কথা কোৱা যেন লাগে। এটা ঢৌ নোহোৱা পুখুৰীৰ মাজলৈ যদি এটা শিলগুটি মাৰি দিয়া হয়, তেতিয়া পুখুৰীৰ মাজত দলিটোৰ চাৰিওফালে এট৷ ঢৌ উঠে, আৰু সেই ঢৌ ক্ৰমান্বয়ে বাঢ়ি তাৰ শেষত গোটেই পুখুৰীটোকে আগুৰি পেলায়। আমাৰ চাৰিওফালে বায়ু সাগৰে আগুৰি আছে। যেতিয়া আমি কথা কওঁ, তেতিয়৷ সেই বায়ু সাগৰত এটা ঢৌ উঠি চাৰিওফালে বিয়পি যায়, আৰু সি যেতিয়া কাণৰ ভিতৰত থকা হাৰিয়াটোত ( Eardrum) আঘাত কৰে, তেতিয়া আমি আনৰ কথা বা আন কোনে! শব্দ শুনিবলৈ পাওঁ। কথাৰ যিবোৰ ঢৌ বতাহত উটি আহি আমাৰ কাণত আঘাত কৰেহি সেইবোৰ ঢৌ কথা কওঁতাৰ মুখৰ শব্দৰ প্ৰতিধ্বনি মাত্ৰ। গতিকে এই প্ৰতিধ্বনিবোৰে আমাৰ কাণত কওঁতাৰ কথাৰ অনুভূতি জন্মায় আক এই অনুভূতি আমি বুজি পাও। কিন্তু পুখুৰীটো বেচি ডাঙৰ হলে যেনেকৈ শিলগুটিয়ে তোলা ঢৌ পাৰ পায়গৈমানে তাৰ শক্তি কমি আহি ক্ৰমান্ময়ে অস্পষ্ট হৈ যায়, তেনেকৈ বেচি দূৰৰপৰা কথা কলে, সেই কথাৰ ঢৌৰ শক্তি লাহে লাহে কমি যোৱাত, আমি তাক বুজিবলৈ টান পাওঁ। কিন্তু টেলিফোন ওলোৱাৰ পৰা এই অসুবিধা দূৰ হৈছে। বিজুলী শক্তিয়ে টেলিফোনব তাঁৰেদি আমাৰ কথা বহুত দূৰলৈ লৈ যায়, সেইদেখি টেলিফোনেৰে ইংলণ্ড বা আমেৰিকাৰ মানুহৰ লগতে অতি সহজে কথা পাতিব পাৰি। ১৮৭৬ চনত আলেকজাণ্ডাৰ গ্ৰেহাম বেল নামে এগৰাকী মণিষীয়ে বহু চেষ্টাৰ ফলত টেলিফোন আবিস্কাৰ কৰিলে। টেলিফোন আবিষ্কাৰৰ সময়ত বেলচাহবৰ বয়স আছিল ২৭ বছৰ আৰু ১১ }