পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্যৰ স্বৰূপ পৃথিবীৰ মহাকাব্য কেইখনে প্ৰমাণ কৰিছে। আজিকালি কবিত৷ সুক্ষ্মত- কৈ সুক্ষ্মতৰ হৈছে; গভীৰতকৈওঁ গভীৰতৰ হৈছে; কিন্তু লগতে পৰাক্ৰমী ও ( Powerful ) যে হব লাগে সেইটোলৈ যেন মনযোগ কমি গৈছে। ব্যাস, বাল্মীকিক অনেকে Primitive Poet অৰ্থাৎ আদিম প্ৰকৃতিৰ কবি বুলিছে, কিন্তু প্ৰকৃততে তেওঁলোকক Primitive নুবুলি Primary অৰ্থাৎ আদিম প্ৰকৃতিৰ নুবুলি আদি আক্কতিৰ বোলাহে উচিত। তেওঁলোকৰ কবিত্বত আছে এটা Elemental Force ( মূল শক্তি ) Force, যি শক্তিৰ বলত তেওঁলোকে মহিমামণ্ডিত কৰি দেখুৱাব পাৰিছে অন্তৰাজ্যৰ ৰহস্য। দশাননে যেতিয়া ভয়ঙ্কৰ মূৰ্ত্তিলৈ পঞ্চবতিৰপৰা সীতাক হৰণ কৰি নিবলৈ আহি পঞ্চবতিত উপস্থিত হল, সেই সময়ৰ বাল্মীকিৰ বৰ্ণনা অসীম শক্তি- শালিনী! “সূৰ্য্যচন্দ্ৰাভ্যাং ৰহিতাং সন্ধ্যামিব তাম আসসাদ ভ্ৰাতৃভ্যাং ৰহিতাং বনে” সূৰ্ষ-চন্দ্ৰ-ৰহিতা সন্ধ্যাক আন্ধাৰে গ্ৰাস কৰাৰ দৰে বনত অকলে থকা ভাতৃদ্বয়- ৰহিতা সীতাক গ্ৰাস কৰিলেছি; আৰু সেই দৃশ্য দেখি ভয়তে ভ্ৰুমদল বিকম্পিত হবলৈ ধৰিলে, আৰু “স্তিমিতং গন্তুমাৰেভে ভয়াদ গোদাবৰী নদী।” গোদাবৰী নদীও ভৰতে লাহে লাহে ব'বলৈ ধৰিলে ইত্যাদী। এই Elemental force টো ইংৰাজী সাহিত্যত Miltonৰ ৰচনাত ধ্বনিত হোৱা দেখা যায়। চেটানক স্বৰ্গৰ পৰ৷ ঈশ্বৰে বজ্ৰলৈ নৰকলৈ পেলাই দিওঁতে এই বজ্ৰনিৰ্ঘোষ শুনা যায় :- "Hurled him dowa to the bottomless perdition.” বঙ্গ- সাহিত্যত মাইকেল মধুহুধন দত্তত, ঘাহঁকৈ এই শক্তিৰ পৰিচৰ পোৱা যায়। “হেমচন্দ্ৰ, ৺ নবীন সেন, দ্বিজেন্দ্ৰ লাল, কাজি নজৰুল আৰু স্থল বিশেষে ৰবীন্দ্ৰনাথেও এই বীৰ্য্যমত্ততাৰ পৰিচয় দিছে, “হেমচন্দ্ৰৰ — “দুদণ্ড প্ৰতাপ আজি কোথায় সে ৰোম কাপিত যাহাৰ বলে মহী সিন্ধু ব্যোম।” এই দুশাৰী কথাতে সেই শক্তিৰ প্ৰভাৱ ধ্বনিত হৈছে। আধুনিক অসমীয়া কবিতাত এই Elemental force টে। বৰ কন দেখা যায়। ধ্বনি হিচাপেও অসমীয়া কবিতাত বজ্ৰধ্বনি (Thunderbolt) বা বিগুলৰ (Bugle) মাত শুনিবলৈ বিৰল। সাহিত্যৰথী বেজবৰুৱা ডাঙৰীয়াৰ 2