পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ গদ্য ৰচনাতে বহু পৰিমাণে এই Elemental force টো—এই মূলশক্তিটোৰ প্ৰভাৱ অনুভৱ কৰিব পাৰি। দৃষ্টান্ত দিবলৈ এফাকি মাথো কথা মনত পৰিছে—ব্ৰহ্মাৰ বিৰাটত্ব বুজাই এঠাইত তেখেতে অস্পৃশ্যভাব কথাত ব্যঙ্গ কৰি কৈছে—আমাৰ কিন্তু দেহাটিলৈ ইমান ভয় যে “এই দেহা-সজাত সোমাই থকা আমাৰ টিপচী ব্ৰহ্ম চৰাইটে৷ আহি ক'ৰবাৰ পৰা চেলাই কামুৰি মাৰি পেলাব।” মহাপুৰুষ শ্ৰীশঙ্কৰ দেৱৰ ৰচনাতো এই শক্তিৰ প্ৰভাব অনুভব কৰিব পাৰি। যেনে স্বমন্ত-হৰণৰ— “জানকীৰ হেতু বান্ধিলাঁহ৷ সেতু আনিল৷ সীতা উদ্ধাৰি, ৰাৱনৰ মাথা কাটিলাহা নাথ; দহিলা লঙ্কা নগৰী।" এই এফাকি পদৰ ইমান সংক্ষিপ্ততাৰ ভিতৰতো ৰাৱন বধৰ এটা হুবহু ধাৰণা আনি দিয়াত কবিত্বৰ এটা মূলশক্তি (force) অনুভৱ নকৰি নোৱাৰি। কাব্য সাহিত্যৰ কবি বা সাহিত্যিক উপলক্ষ্য মাথোন। তাৰ আচল বস্তুটো বিশ্বজনীন ভাব বিষয় তত্ব আদি সকলে৷ মানুহৰে; সেইবিলাক সকলোৰে মনত অন্তৰ্নিহিত হৈ আছেই—সি কালক্ৰমে এজন নহয় এজনৰ দ্বাৰা প্ৰকাশিত হবই লাগিছে, আৰু নোহোৱাবোৰো এদিন হবই হব। এই বিশ্বজনীন ভাৱ বিষয় বিলাকৰ বিশেষ একোটি মনোহৰ মূৰ্ত্তি সৃজন কৰি সৰ্ব্বকালৰ মানুহৰ মন-প্ৰাণ আকৰ্ষণ কৰিব পৰাকৈ তাক সকলোৰে কৰি দিব পৰাটোৱেই হৈছে কবিৰ ক্ষমতা আৰু কবিৰ কীৰ্ত্তি। গোষ্পদৰ জলত নভোমণ্ডল প্ৰতিবিম্বিত হোৱাৰ দৰে প্ৰকৃত কবিৰ কাব্য সাহিত্যতো তিৰবিৰাই উঠে. বিশ্বহিয়াৰ অনন্ত নভোমণ্ডল। নৰ-নাৰীৰ যৌন আকৰ্ষণৰ ভিতৰেদি ঘট! যুগল সম্বন্ধৰ কথাতে জগতৰ শ্ৰেষ্ঠ কাব্যবোৰত এই শুৰটো সুন্দৰকৈ বাজি উঠিছে। অমৰ কবি কালিদাসৰ শকুন্তলা, ছেক্সপিয়েৰৰ ৰোমিয় জুলিয়েট~এই স্বৰ্গ মৰ্ত্তৰ সন্ধিস্থলতে তৰঙ্গ ভঙ্গ কৰা জ্যোতিৰ ঢৌ। ফাণ্ডেৰ “ডিভাইন কমেদি” Devine Comedy এই গোষ্পদৰ নভোমণ্ডলৰ জলমলনি। পৃথিবীৰ সকলো শ্ৰেষ্ঠ কাব্যই মানৱ প্ৰকৃতিৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে সি অশিৱ নহয়। সাহিত্য সঙ্গীত আদি ললিত কলাৰ সৌন্দৰ্য্য চৰ্চ্চাত বহুতে এটা অশিল্প বা অমঙ্গল আশঙ্কা কৰে। এণ্টনিও ক্লিওপেট্ৰাৰ (Antonio - Cleopetra)