পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৰ্শনৰ আভাস 80 ধৰাত জীৱনৰ মনোযোগ দুফালে বয়; ইয়াৰ নিজৰ গতিৰ ওপৰত আৰু ই জড়ৰ ভিতৰেদি আগুৱাই যোৱাত জড়ৰূপে প্ৰতীয়মান হোৱা সোতৰ ওপৰত। নিজৰ ওপৰত দিয়৷ মনোযোগটো বোধ; জড়ৰ ওপৰত দিয়! মনোযোগটে। বুদ্ধি। চৈতন্যই জড়ৰ ওপৰত মনোযোগ দিওঁতে ইয়াৰ সম্বন্ধত নিজে বহুমুখী হৈ ৰুদ্ধিৰূপে ৰূপান্তৰিত হ'ল আৰু জড়ক জানিবলৈ আগ বাঢ়িলে। বুদ্ধিয়ে অকল জড়ক জানিব পাৰে, অকল জাগতিক বস্তুবিলাকৰ সম্বন্ধ স্থাপন কৰিব পাৰে। যি সোঁত বুদ্ধিৰ দৃষ্টিত জড়ৰূপে প্ৰতীয়মান হয় জীৱনৰ অনন্ত গতিত বাধা দিয়া সেই জড়ৰূপী সোঁতক অনুভব কৰি আক আক্বতি দি জনাই বুদ্ধিৰ স্বভাব। কিন্তু যি পৰিবৰ্ত্তনৰ ভিতৰেদি সত্য আহে সেই পৰিবৰ্ত্তনক বিশ্লেষণ কৰি বুদ্ধিয়ে কেবল পৰিবৰ্ত্তনৰ বিভিন্ন অবস্থা- বোৰক জানে আচলতে যি পৰিবৰ্ত্তন সেই অবস্থাবোৰৰ ভিতৰেৰে বৈ যায় বা প্ৰকাশিত হয় সেই পৰিবৰ্ত্তনৰ স্বৰূপ কি তাক জানিবলৈ নোৱাৰে। গতিকে শুদ্ধজীৱনত ভাব ধৰিবৰ নিমিত্তে বুদ্ধি কেতিয়াও উপযোগী নহয়। জীৱনক জানিব লাগিলে, শুদ্ধভাব ধৰিব লাগিলে, কাৰ্য্যকৰী আৱশ্যকতাৰ ফালে পিঠি দি, ব্যৱহাৰিকতাৰ বাহিৰলৈ গৈ আত্মতন্ময়হৈ বোধৰ দ্বাৰা জাগতিক বাস্তৱ- তাৰ অন্তস্থলত সোমাই একত্ব অনুভৱ কৰিব লাগিল। (ছ) মইমূলক পদ্ধতিলৈ আহি এইদৰে চোৱা যাওক৷ সত্য কি? স্বতঃসিদ্ধ। ইয়াৰ স্বৰূপ নিৰ্ণয় একো নাই। নিৰপেক্ষভাবে ই এক। আপেক্ষিক জগতত বহু। এক চিৰন্তন সত্যই বহু তথ্য, সত্যৰ বহু মুখ। এই সত্য সাক্ষ্য কৰিবলৈ খোজে গনে? মানুহে। নানুহৰ সত্যৰ লগত সাক্ষাত হোৱাৰ বৰ্ণনা। সত্যক নানাভাবে উপলব্ধি কৰাই মানুহৰ জ্ঞান। মানুহৰ সত্য সাক্ষাৎ কৰাটো বুজিব লাগিলে মানুহৰ জ্ঞান অৰ্জ্জুন কৰা সজুলি সম্বন্ধে প্ৰথমে ধাৰণ৷ হব লাগিব। দাৰ্শনিক জ্ঞান প্ৰকাশ কৰোঁতে কিন্তু ভাষাৰ ক্ষমতা খুব কম, জ্ঞানৰ অধিকাংশই অপ্ৰকাশ্য হৈ পৰে। দৰ্শনশাস্ত্ৰ আৰু মানুহে জ্ঞান অৰ্জ্জন কৰোতে দেখে প্ৰত্যেক মানুহৰ এটা “মই” আছে। “মই”য়ে জানে, বুজে, অনুভব কৰে যে “ইৰ” জীৱন আছে, জীৱন সত্য। সেই জীৱন যি কোনো ৰকমৰে নহওক তাত একো কথা নাই। জীৱনৰ লগত সনাসনিত “মইৰ” এই বুজেই বোধ; “গই” আছে, মই সত্য, জীৱন সত্য। এই বোধত প্ৰতিষ্ঠিত থাকি মইয়ে মইৰ বাহিৰ৷ “মই-নহয়”ক আয়ত্ত কৰিবলৈ