পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬ প্ৰৱন্ধ-সংগ্ৰহ এটা গতি কৰি মই-নহয়ৰ চাৰিওফালে ঘূৰি ফুৰে। এইয়ে বুদ্ধি। বুদ্ধিয়ে মই- নহৰক আয়ও কৰিবৰ চেষ্টাত তাৰ ওপৰত হেঁচা দ্বি তাত কিছুমান স্পন্দন সঞ্চাৰ কৰে আক মই-নহয়ক নিজমতে গঢ়ি লয়। এই গতিত বুদ্ধিয়ে মই-নহয়ত যি স্পন্দন সঞ্চাৰ কৰে সেয়ে বৃত্তি। ম‍ইব পক্ষে জীৱন সত্য, মই জীৱনত আছে, জীৱন মইত আছে, মই আৰু জীৱন একে। কিন্তু মইয়ে যিহেতু জীৱনত মই-নহয়ক লগ পায় সেই কাৰণে তাক জীৱনৰ অন্তৰ্গত নুবুলিবলৈ নোৱাৰে। গতিকে নই আক মই-নহয় উভয়ে জীৱনৰ লগত একে। মইয়ে মই-নহয়ৰ ভিতৰলৈ সোমাবলৈ গতি কবি গৈ মই-নহয়ৰ চাৰিওফালে ঘূৰি ফুৰে। ই যেতিয়াই মই-নহয়ৰ ভিতৰলৈ সোমাবলৈ সক্ষম হয় তেতিৰাই নই-নহয়ৰ লগত শুদ্ধ জীৱনত ইয়াৰ নিজৰ একত্ব অনুভব কৰে। কাৰণ মই নহয় জীৱনৰ অন্তৰ্গত; মই-নহয়ৰ ভিতৰটোও জীৱনেৰে ভৰা। এইটোও বোধ। মানুহে মানুহক কিম্বা আন কোনো প্ৰাণীক বা বস্তুক সহানুভূতি কৰাত ফটফটীয়াকৈ এই বোধৰ আভাস পোৱা যায়। সেই সহানুভূতিত মইয়ে যেন আনটোৰ ভিতৰলৈ সোমাই গৈ নিজৰ অস্তিত্ব ৰাখিও আনটোৰ লগত একে হৈ আনটোৰ অনুভূতিবোৰ অনুভব কৰে। জীৱনৰ লগত একত্ব অনুভব কৰা আৰু মই নহয়ৰ ভিতৰত সোমাই ত ব লগত নিজৰ একত্ব অনুভব কৰাই মইৰ বোধ। কিন্তু মইয়ে মই-নহয়ৰ ভিতৰত এনেকৈ সোমাই গৈ আনৰ বা আনটোৰ অনুভূতি চিন্তাত অনুভব কৰিবলৈপৰাৰ পৰা চিন্তা যে সত্যৰ লগত একে তাক আমি বুজিব পাৰে। আৰু মইৰ এটা বিশেষ শক্তিৰ পৰিচয় পাওঁ। সেইটে৷ এই যে মইয়ে মই-নহয়ৰ লগত আত্মপ্ৰতীতি জন্মাব পাবে। এইটো মই-নহয়ৰ চাৰিওফালে গতি থকাত মইৰ সুকীয়৷ শক্তিটোক বৃত্তি বা বৃত্তিৰ পৰা ওপজা বুলি কব নোৱাৰি। কাৰণ বৃত্তিয়ে স্বাতন্ত্ৰ্য ওপজায়, বহুমুখী, কিন্তুই একমুখী, ই স্বাতন্ত্ৰ্য লয় কৰিব খোজে, অথচ তাত অনুভবৰ স্বাতন্ত্ৰ্য একেবাৰে লোপ নহয়। এই স্বাতন্ত্ৰাযুক্ত আত্মপ্ৰতীতিৰ সত্যতা আছেও নায়ো। বুদ্ধি আৰু বৃত্তিত ইয়াৰ সত্যতা আছে কিন্তু মইৰ বিশিষ্ট বোধত ইয়াৰ সত্য নাই; কাৰণ বোধত পৰকীয় অনুভব থাকিব নোৱাৰে। এই সুকীয়া শক্তিৰ দ্বাৰা মইয়ে বুদ্ধি আৰু বৃত্তিৰ লগত নিজৰ আত্মপ্ৰতীতি জন্মাব পাৰে। সেইগুণেই মইৰ বুদ্ধিবিষয়ক আৰু বৃত্তি বিষয়ক জ্ঞান সম্ভবপৰ হয়। বোধ বিষয়ক জ্ঞান মইয়ে জীৱনৰ পৰা ভিতৰুৱাভাবে চিধাচিধিকৈ . পায়।