পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যতি। ব্যৱহাৰ কৰা হয়। গতিকে আমাৰ ভাষাত প্ৰয়োগৰ নীতি জানিব লাগিব। এনেকৈ ইংৰাজী ভাষাৰ লগত অলপ চিনাকি নাথাকিলে অসমীয়াতে! যত্তিৰ সুপ্ৰয়োগ কৰা টান! শ্ৰীৰামপুৰৰ মিচনাৰীসকলে প্ৰাদেশিক ভাষাবোৰত সৰু সৰু ধৰ্ম্মপুঁথি লিখি ছপা কৰি উলিয়ায়। তেওঁলোকেই প্ৰথমতে প্ৰাদেশিক ভাষাবোৰত ইংৰাজী কম', চেযিকলন ইত্যাদিৰ ব্যৱহাৰ কৰি দেখুৱায়। উইলিয়ম কেৰি চাহাবে পূৰ্ণচ্ছেদ বা ডাঢ়িৰ ঠাইত fullstop ব্যৱহাৰ কৰিছিল। কলিয়াবৰৰ পণ্ডিত ৺আত্মাৰাম শৰ্ম্মাই শ্ৰীৰামপুৰলৈ গৈ বাইবেল গ্ৰন্থ অসমীয়াটে। ভাঙে আৰু পুঁথিখন ১৮১৩ চনত পাদুৰীসকলে ছপা কৰি উলিখায়। তেতিয়াৰ পৰা বিজাতীয় যতি আমাৰ ভাষাত ঠাই পালে। পুৰণি পূৰ্ণচ্ছেদটো ৰখা হল কিন্তু বাকী চিনবোৰ ইংৰাজীপৰ লোৱা হল। শিৱসাগৰত ছপাখনা পাতি আমেৰিকা ব্যাপটিস্ট মিচন চোচাইটীয়ে দুখন এখন ধৰ্ম্ম পুথি আৰু সৰু সৰু বিতাপ লিখি বিলাবলৈ ধৰিলে। আক অসমীয়া ভাষাত প্ৰথম বাতৰি কাকত “অৰুণোদয়” তেওঁলোকে ১৮৪৬ চনত উলিয়ায়। "খৃষ্টিয়ানী অসমীয়া’ত অসমীয়া যতিৰ সলনি ইংৰাজী ৰীতিৰ ঠাই হল। আগতে পূৰ্ণচ্ছেদ এটা সম্পূৰ্ণভাৱ থকা ৰচনাৰ এক অংশৰ (paragraph ) 'পাচত হে বহিছিল কিন্তু বৰ্তমানে full stop ৰ অনুবাদ কৰি বাক্যৰ শেষত ব্যৱহাৰ কৰা হল। সেই সময়ৰ পণ্ডিতসকলে কিন্তু বিজাতীয় ৰীতি নললে। ক্ৰমাৎ পণ্ডিতসকলে অঞ্চল পূৰ্ণচ্ছেদটে। (ডাঢ়ি) হে ব্যৱহাৰ কৰিবলৈ ধৰিলে। ইংৰাজী শিক্ষা পোৱ৷ লিখকসকলে কিন্তু ইংৰাজী যতকে ৰচনাত ঠাই দিলে। আনন্দৰাম ঢেকিয়াল ফুকন, নন্দৰাম ডেকা বৰুৱা, নিধিৰাম বেজবৰৱা, হেমচন্দ্ৰ বৰুৱা আদি বৰ্ত্তমান যুগৰ অসমীয়া ভাষাৰ গুৰীয়ালসকলে পোন প্ৰথমে ইংৰাজী যতি নিজ ভাষাত প্ৰয়োগ কৰে। অকল fullstopৰ ঠাইত পুৰণি পূৰ্ণচ্ছেদটো জীয়াই থাকিল।