সমললৈ যাওক

পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ প্ৰৱন্ধ-সংগ্ৰহ পুৰণি গদা পদ্যত ব্যৱহাৰ কৰা হৈছিল, আমাৰ জনা নাই। আমাৰ চকুত পৰা নাই। গদ্য আৰু পত প্ৰায় একে চিনকেই ব্যৱহাৰ কৰা হৈছিল। যদিও পুৰণি অসমীয়াত কেইটামানহে বিৰাম চিনৰ ব্যৱহাৰ পোৱা যায় তথাপি তাৰেই ভালকৈ কাম চলিছিল। লিখকৰ ভাৱ গ্ৰহণত পাঠকে অকণে আহুকাল নাপাহছিল। পুৰণি বৈষ্ণৱী কবিতাবোৰ আবৃত্তি আৰু গাবৰ কাৰণে ৰচ। হৈছিল আৰু যাতে কথাখিনি মানুহে সহজে হৃদয়ঙ্গম কৰিব পাৰে। বৈষ্ণৱী যুগত যতিৰ বৰ সুন্দৰ প্ৰয়োগ দেখা যায়। ওপৰঞ্চি প্ৰয়োগৰপৰা কথাখিনিৰ সৌন্দৰ্য্য নষ্ট কৰাহে হব। যতিৰ তালে তালে লিখকৰ ভাষ

  • ফট,ফটিয়াকৈ ওলাই পৰিছে। যেনে,-----

“নয়নৰনিৰ : ধাৰায়ে বহুয়ে: সোকতে আকুল ভাৰ। কতোহো কাকুতি : কৰিয়া কান্দন্ত : ধৰিয়া কৃষ্ণৰ পায়॥ ই হেন অৰণ : চৰণ দুখানি : ভেজিবে! কোনমতে। মাধব বান্ধব : নবধা সমুলি : নিয়োক মোক লগতে॥ ১২৯॥” – একাদশ স্বন্ধ, শঙ্কৰদেব। “ব্ৰহ্মাৰ বচন সাদৰি : বাল্মিকি নাবদক বোলন্ত : হে মহামুনি নাৰদ : কি মোৰ মহাভাগ্য : যাতে। শ্ৰীৰাম চৰিত্ৰ তোমাৰ মুখে শুনিবো: নাজানো কি পুণ্যৰ ইতোফল : এতেকে শ্ৰীৰাম চৰিত্ৰ এখনে কহুঃ নাৰদে বোলন্ত : জানা মুনি : শ্ৰীৰামৰ অনস্ত লিলা চৰিত্ৰঃ........... —কথা ৰামায়ণ বৰ্ত্তমানে ভাৰতীয় গ্ৰাদেশিক ভাষাবোৰত যি যত্তিৰ ব্যবহাৰ কৰা হয়, ই ইংৰাজীব পৰা ধাৰ কৰা। ইংৰাজী ভাষাত ব্যৱহাৰ শেৱা বিবাগ চিনবোৰ আমি হুবহু আমাৰ ভাষাত চলাইছোঁ। আমাৰ যি কেইট৷ পুৰণি চিন্ আছিল সেইবোৰ আমি এৰি দিছোঁ, পাহৰিছে!, ব্যৱহাৰ নকৰে৷ আৰু সেই- বোৰৰ কোনটোব কি নাম আছিল তাকো পাহৰিছোঁ। সেইবোৰেৰে কাম নচলা নহয়। আমি পুৰণিৰ সলনি নতুনক আদৰি লৈছোঁ। এনেকৈয়ে আমি কিছুমান পুৰণি আখৰকো অনাদৰ কৰিছোঁ। কম', চেমিকলন, কলন, ড্যাচ, হাইফেন আৰু এপচট্ট ফি ইত্যাদি ইংৰাজী নামকে আমি হুবহু ব্যৱহাৰ কৰিছে৷ প্ৰশ্নবোধক চিন,, আশ্চৰ্য্যবোধক চিন, পূৰ্ণচ্ছেদ ইত্যাদি নাম ইংৰাজী নামৰ অনুবাদ মাথোন। ইংৰাজী সাহিত্যৰ প্ৰভাৱৰ আগত আমাৰ ভাষাত কোনো বিৰাম চিনৰ ব্যৱহাৰ যেন নাছিল হে। ইংৰাজী ভাষাত যি অৰ্থত যি ঠাইত যতি প্ৰয়োগ কৰা ৰীতি ভাৰতৰ প্ৰাদেশিক ভাষাবোৰতো অবিকল তেনেকৈয়ে