এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
२ প্ৰাণৰ গাম ৷ লাজুকী মুখনি বুকতে সোমালে সভয়ে কাষতে বহি ৰাঙলি ওঁঠৰ চুমা পৰশত বাজিল প্ৰেমৰ বাঁহী । লাজুকী প্রিয়া লাকী ভাষাৰে বুলিলে মধুৰ বাণী, মুকুতাৰ দৰে জিল্মিল্ কৰে দুধাৰি চকুৰ পানী । প্রিয়তম বুলি ৰুবলৈ ধৰিলে মূখত নোলায় মাত, মলয়া এছাটি ধীৰে ধীৰে আছি হিয়া কৰি গ'ল শীত । “দেখিলো যিদিনা জুৰিৰ পাৰত অকলে তোমাক প্রিয়,