এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পান পান । কিনো কথা তুমি সুধিছ সখিক, প্রিয়যে তোমাৰ পাগল প্রেমিক;- লব পাৰে৷ মই পূজা, যদি তুমি দেবী বুজা, সাঁচি খোৱা মোৰ হৃদয়ৰ কথা; প্রেম-পুষ্প আশা ভাবে গঠা । চমকিলা শুনি কাৰ বীণাৰ সুৰ চিত্ত তোমাৰ কোনে কৰিলে চুৰ পলাব খুজিছা কিয় ? সখিক নোকোৱা কিয় ? –কি সুৰ তোমাৰ বাজিছে প্ৰাণত; কাৰ কথানো পৰিছেহি মনত । চকু-পচাবতে ক'লে গ'লা তুমি, হিয়া খনি মোৰ কৰি নৰুভূমি ;