পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

96 কাস্থ সমাজৰ ইতিবৃত্ত। শৰৎ সময হবে শ্ৰীদুৰ্গা পূজা। যদি শক্তি থাকে দ্বাৰে হব অধিষ্ঠান। সব দিন খাইব ঘৰে বসি আপনাৰ। তবৰাজ্য নাচাৰিব হৈল অঙ্গীকাৰ।” দুৰ্গাদাস মজুন্দাৰ বিৰচিত ৰাজবংশাৱলী। দুৰ্গাদাস উক্ত-চৈধ্যঘৰী কায়স্থৰ ভিতৰত গৌৰীপতি মজুমদাৰৰ বংশধৰ। আমি যোৱা ১৯৩১ চনৰ জুন মাহত কোচবিহাৰলৈ গৈ উক্ত পুথিখান নিজে চাই আহিছে। ইয়াৰ তিনিখন মৌলবী আমানত উল্লা খা চাহাব চৌধাৰীৰ হাতত আৰু এখন দুৰ্গাদাসৰ বিত্তভোগী শ্ৰীযুক্ত শৰৎ কুমাৰ বসী মহাশয়ৰ হাতত আছে। চৈধ্যজন কায ভূঞাৰ নাম এই কেইটা (১) ভবানন্দ, (২) বিভূবিশ্বাস, (৩) বিশাৰদ, (৪) হৰিচৌধাৰী; (৫) গৌৰীপতি (ৰাজবংশাৱলী। লিখক দুগদাৰ ওপৰৰ ৫ম পুৰুষ। (৬) ভীমসেন, (৭) শুভঙ্কৰ, (৮) দিবাকৰ, (৯) মেঘনাদ, (১০) নৰহৰি, (১১) তন্দ্ৰেশ্বৰ, (১২) ভবেশ্বৰ, (১৩) ধনেশ্বৰ, (১৭) প্ৰতাপৰাষ। প্ৰতাপৰাৰ পুৰ , দুয়োকে। বেলেগ কৰি লিখিছে। সম্ভৱতঃ প্ৰতাপ্ৰায বৃদ্ধ হৈছিল আৰু শুভঙ্কৰৰ উপযুক্ত বয়স হৈছিল, সেই কাৰণে পিতা-পুত্ৰ দুযোৰ নাম পৃথক ভাবে লিখা হৈছিল। আমি বংশাৱলী সংগ্ৰহ কৰাত উক্ত তেৰ ঘৰৰ ভিতৰত ৭ জন ভূঞাৰ বংশাৱলী সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে; বাকী বিলাক ক’ত কেনেকৈ লোপ হল বিচাৰি উলিয়াব নোৱাৰিলো। তলত এই কেইঘৰৰ সামান্য পৰিচয় দিবলৈ যত্ন কৰিলে। (১) ভবান—গৌতম গোত্ৰ)—নৰনাৰায়ণ মহাৰাজৰ মজুমদাৰ আছিল। মজুমদাৰী কৰা ঠাই ক'ত আছিল, জনা নাযায় কিন্তু এওঁৰ পুত্ৰ বলীনাৰাষণ কামৰূপ ক্ষেত্ৰ অঞ্চলৰ লখো পুৰত বাস কৰিছিল। তেওঁৰ তিনি পুত্ৰ-পৰীক্ষিতনাৰায়ণ, জনাৰায়ণ আৰু সূৰ্য্যনাৰায়ণ বা সূৰ্য পাটোৱাৰী। পৰীক্ষিত আৰু জনাৰাযণৰ বংশধৰসকল কামৰূপ্ৰ মাগুৰী গাবত আৰু সূৰ্য্যনাৰাষণ বৰুৱাজানি বাস কৰিছিল , সম্ভবতঃ প্ৰীক্ষিত নাৰায়ণৰ (কোচ হাজোৰ ৰাজা) ৰাজ্য ভাঙাত এইদৰে স্থানান্তৰ হৈছিল। (৩) বিশাৰদ—অলম্যন পাচত কৌশিক গোল) -এ চন্দ্ৰত্ৰিীৰ বংশধৰ ৮ম পুৰুষ-দ্ধ ভুঞাৰ বংশধৰ। গন্ধৰ্বষ ভূঞা বিশ্বসিত ৰাজাৰ লগত ৰণ কৰি হত হোৱাৰ পাচত, তেওঁৰ নাতি বিশাৰদ নানা ঠাইত ফুৰি পাচত উক্ত ভূঞাসকলৰ লগত নোগ হৈ নৰনাৰাণ ৰাজাৰ আশ্ৰয লাভ কৰে। এওঁকে। নাৰাষণ ৰাজাই মজুমদাৰী বিনয় দিছিল, কিন্তু ক'ত আছিল বুজিব নোৱাৰি , সম্ভৱতঃ কামৰূপৰ দক্ষিণ পাৰে আছিল। পাচত তেওঁৰ পুত্ৰ নিমণি ভূঞাই ৰঘুদেৱ ৰাজাৰ দিনত কামৰূপৰ চোত মজুমদাৰী কৰে। এওঁৰ বংশধৰসকল বৰ্তমানে চাৰাবৰীত সত্ৰ পাতি গুৰুগিৰি কৰে। ৪। হৰি চৌধাৰীকৌশিক গোত্ৰ)—এওঁ লোহাৰৰ ভূঞাৰ বংশধৰ ৮ম পুৰুষ। হৰিগিৰী কৰ পৰা আহি ভূঞাদলৰ লগত যোগ হৈছিল জানিব পৰা নাযায়। হৰিভূঞাক নৰনাৰায়ণ ৰাজাই ৰাজধানীৰ ওচৰতে চৌধাৰী বিসয দি ৰাখিছিল। তেওঁৰ পুত্ৰ হৰিবল্লভ, ৰজাৰ উজীৰ হৈছিল বুলি বংশাৱলীত পোৱা যায়। বলীনাৰায়ণ আৰু লক্ষ