সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮ম অধ্যায়। বিষয়া যুগ। কায়স্থ বিষয়াসকলৰ সমাজত আন— প্ৰাচীন স্বাধীন কায়স্থ ভূঞাসকলৰ স্বাধীনতা যোৱাৰ পাচত কিছুমানে কোচৰাজাৰ আৰু কিছুমানে আহোমৰাজাৰ অধীনতা স্বীকাৰ কৰি ঠায়ে ঠাযে শাসনকৰ্তা, খাজনা আদায়কাৰী, কাকতী আদি বিষয় কৰে। কেইজনমান ভূঞাই কোচৰাজাৰ অধীনতা স্বীকাৰ কৰাৰ এটা উদাহৰণ তলত দিয়া হল। ১। চৈধ্যঘৰীভূঞা—বিশ্বসিংহই কামৰূপৰাজ্যৰ পশ্চিমখণ্ড অধিকাৰ কৰাত কিছুমান ভূঞা দৰঙ্গ, লক্ষ্মীপুৰ পাইছিল। পাচত আহোমৰাজে সেইখণ্ড অধিকাৰ কৰাত তাতো শান্তিৰে থাকিব নোৱাৰাত পৰে। নৰনাৰায়ণ ৰাজাৰ সময়ত নামনিখণ্ডত শান্তি স্থাপিত হোৱাত কামৰূপৰপৰা আহা ভূঞাসকলৰ চৈধ্যজন ভূঞাই একেলগে আহি চিলাৰায়ৰ ওচৰত উপস্থিত হব। চিলাৰায়ে ভূঞা কেইজনক ৰাজাৰ ওচৰলৈ লৈ যায় :- “অনন্তৰে ভূঞাৰ কায়স্থ চৈধ্যজন। সঙ্গেতে আসিতে বোলে কনিষ্ঠ ৰাজন। গলে বস্ত্ৰ পুত পাণি চৌদ্দজন কয়। হজুৰ সাক্ষাত বলি শুন ছোটনায়। চিলাৰায়ে নৰনাৰায়ণৰ আগত কয় আসাম ৰাজাৰ ভয়ে ভূঞাৰ কাষস্থ। মুলুক ছাৰিয়া হৈল তোমাৰ দ্বাৰস্থ। প্ৰাণ ভয়ে ত্ৰস্ত হুযা লৈলেক শৰণ। ভূপতিক ছাৰি কেন ভাব অন্য জন। ভূপতি মেনেতে ৰৈল নকৰে উত্তৰ। সভা বিসৰ্জি ভূপ গেল অভ্যন্ত। অনন্তৰে নৰপতি চিন্তি এক দিন। ব্ৰহ্মপুত্ৰে স্নান কৰিবাৰ কৰি মন। ভূঞাসকলক তীৰ্থত উপস্থিত কৰোৱ তাক বলিল তুমি লৈয়া চৌদ্ধজন। আৰু তেওঁলোকৰাৰা পুৰী নিৰ্মাণ অশ্বক্ৰান্তে যায়া কৰ পুৰীৰ নিৰ্মাণ। কাৰ্য কোৰা। নৃপতিৰ আজ্ঞা পাত্ৰ শুক্লজ ৰাষ। চৌদ্ধজন সঙ্গে ত্বৰা চলিল তথায়। নিৰ্মাণ কৰিল পুৰী যেন সূৰপুৰ। পুৰী দেখি গলিতেৰ দুখ যায়। অৰ্ধনাতি নীৰে নামি শুৰুধ্বজ ৰায়। ভূঞাৰ কায়স্থগণ ডাকিয়া তথায়।