পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ কায় সমাজৰ ইতিবৃত্ত। নৰসিংহে তেওঁক ত্যাগ কৰিছিল; বটুক কিন্তু বল্লালসেনে “বাৰেত্ৰ প্ৰধান” বুলি বৰ আদৰ কৰিছিল। শূলপাণিৰ ২য় পুত্ৰ চক্ৰপাণিৰ সময়ত যাদববংশীয় যাটবৰ্মাই কামৰূপ আৰুমৰ কৰি তেওঁৰ হাতত পৰান্ত হয়। কিন্তু চক্ৰপাণি কিবা কাৰণত তাত নাথাকি পূৰ্বপুৰুষৰ স্থান যিখিলালৈ যায়। ভাত তেওঁক মিথিলাকে আদৰ কৰি ৰাখে। চক্ৰপাণিৰ পুত্ৰ দেৱধৰ মিথিলাৰ নান্যদেৱৰ প্ৰধান মন্ত্ৰী হয়। এওঁৰ পুত্ৰ বোধিৰাও বিখ্যাত কৰি আৰু মিথিলা ৰাজাৰ প্ৰধান মন্ত্ৰী আছিল। বোধিৰাৱৰ পৌত্ৰ পূৰ্য্যঠাকু মিথিলাৰ হৰিসিংহৰ প্ৰধান মন্ত্ৰী হৈছিল। এওঁৰ সময়ৰপৰাই উত্তৰ ভাৰতৰ ব্ৰাহ্মণ-কায়স্থ বংশাৱলী লিখিবলৈ আৰম্ভ হয়। সূৰ্য্যকৰ পুত্ৰ প্ৰীতিকৰ লক্ষ্মীদাস ঠাকুৰ। বংশাৱলীত এওঁক “কায় প্ৰধান” বোলা হৈছে। এওঁৰ পুত্ৰ অমৃতকৰ মিথিলাৰ শিৱসিংহ ৰাজাৰ মন্ত্ৰী হৈছিল। অমৃতকৰৰ নাতি নৰহৰি কামৰূপলৈ আহি বিশ্বসিংহ ৰাজাৰ মন্ত্ৰী হয়। তেতিয়াৰপৰা তেওঁৰ বংশধৰসকল বৰ্তমান সময়লৈকে প্ৰাচীন কামৰূপতে বাস কৰি আহিছে। এই বংশৰ বংশধৰ বিখ্যাত বাঙ্গামাটীয়া বৰুৱা বা গৌৰীপুৰ ৰাজবংশ। ১৯। চন্দ্ৰগিৰী। (গোত্ৰ—অলমন)। এওঁ অপতি সৰস্বতীৰ সৈতে কান্যকুৰপৰা গৌড়ক আহে; আৰু চণ্ডীবৰ আদি ভূঞা কামৰূপৰ পূবলৈ আহাৰ পাচতেই কনৌজপুৰত বাস কৰে। বুঢ়াৰ উপৰি পুৰুষ আৰু উক্ত দুই ভূঞাৰ পুৰোহিত ও গুৰু একেদৰেই আছিল। অলপ দিন ইয়াত থকাৰ পাচত দুৰ্লভনাৰায়ণে ধৰ্মপালৰ ৰাজ্য অধিকাৰ কৰি ভোটৰ পূৰ দুৱাৰ ৰক্ষা কাৰ্যত চন্দ্ৰ আৰু শ্ৰপতি সৰস্বতী ভূঞাক নিযুক্ত কৰে। মানাহ আৰু কালদিয়া, নৈৰ মাজৰ ভূখণ্ডৰ উত্তৰ খণ্ডত শ্ৰীপতি আৰু দক্ষিণ খণ্ডত চন্দ্ৰভূঞা আছিল। চন্দ্ৰভূঞাৰ অধিকাৰখিনিক সেই সময়ত বাউলীয়া বিলাত বুলিছিল। চলগিৰীৰ পাচত তেওঁৰ পুত্ৰ পদ্মগিৰী আৰু নাতি হৰিগিৰী সেই ঠাইতে ভূঞা হয়। হৰিগিৰীৰ সময়ত দুৰ্লভনাৰায়ণৰ বংশধৰ দুৰ্বল হৈ পৰাত হৰিগিৰী স্বাধীন হৈ উঠে কিন্তু তেওঁৰ পুত্ৰ ৰাময়ৰ দিনত খেনবংশীয় নীলাম্বৰ ৰাজাই তেওঁৰ ৰাজ্য অধিকাৰ কৰে। ৰাময়ৰ দুই পুত্ৰ—গন্ধৰ্বৰায় আৰু ১৪৯৮ খৃঃ অন্ধত খেনৰাজ্য ভাঙাত ৰাময়ৰ পুত্ৰ গন্ধৰ্বয় বাউসীয়া বিলাতৰ দক্ষিণ অংশত আৰু কৃষ্ণৰায় উত্তৰ অংশত স্বাধীন ভূঞা হয়। খেনৰাজ নীলাম্বৰৰ দিনত সৰস্বতীভূঞাৰ বংশধৰ জগন্নাথে নিজ বিলাত এৰি উজাই গৈছিল। খেনৰাজ ভাঙাত চন্দ্ৰগিৰীৰ বংশধৰ কৃষ্ণৰায়ে সেই ঠাইও নিজৰ অধিকাৰলৈ নিয়ে; এনে বোধহয় দুই ভায়েকে পূৰ্বৰ, চন্দ্ৰগিৰী আৰু শ্ৰপতি সৰস্বতীৰ এলাকাৰ ভূখণ্ডত স্বাধীন ভূঞা হৈ উঠিছিল। কোচ বিশ্বসিংহই এওঁলোকক পৰাস্ত কৰি দেশ ভূমি কাঢ়ি লয়। এওঁলোকৰ বংশধৰসকল বৰ্তমানে দৰৰ দীগিপাৰ, কামৰূপৰ নগাওঁ, চাৰুৰি, নলবাৰী, অদিত বাস কৰে।

  • ১, গজ বংশাৱলী ৩৯১ পদ (সূৰ্যক্তি)। ২, চৰিত ২৩০০ আৰু ২৫৩৯ পদ (

ৰাৰণ ঠাকুৰ)। ৩ পোষা বংশাল