পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বায়দুৰ ভাঃ সুকুমাৰ জুই ও বি, এ কি A মি দখৰুৱা, মান ৰিচিত্ৰই আহি কালি গধূলিপৰত আপোমাৰ “এটা কামৰূপ ফায় আৰ ইতি” গ্ৰন্থ এখনি দিছে। আপোনাৰ এই মৰাৰ উপহাৰৰ কাৰণে ধন্যবাদ দিছে॥ আপোনাৰ ধৈৰ্য্য, অধ্যায় দেখি আচৰিত আৰু ভিত হৈছে। গোটেই জীৱন একাল goreng পৰিশ্ৰম কৰি সদৌ কায়স্থ সমাজৰ ইতিহাস, পুৰুষীনামা আৰু কপি পানি সংগ্ৰহ কৰি ৮৯০ পিঠিৰ এখন কিতাপ উলিয়াব পাৰিছে ভাবিলে বি মানি লাগে। মোৰ বিশ্বাস অসমীয়াৰ ভিতৰত অতি কমেছে এনে একাগ্ৰতাৰ পৰিচয় দিব পাৰিছে–আজিলৈকে। আপোনা গ্ৰন্থত অলেখ ঐতিহাসিক তথ্য সোমাই আছে। এই কায়স্থ সমাজেই অসমৰ ধৰ্ম্মচৰ্চা, সাহিত্য আৰু ৰজাঘৰীয়া কাম-কাজত প্ৰসিদ্ধি লাভ কৰিছিল, মাজে মাজে বুৰঞ্জীত কোনো কোনো মুখীয়াল কায়স্থৰ নাম পোৱা যায়, কিন্তু তেওঁলোকক চিনাক্ত কৰিবলৈ বৰ টান হৈ পৰে, আপোনাৰ পুৰুষীনামাৰপৰা এতিয়া সহজ হল। “কামৰূপৰ বুৰঞ্জীৰ ৫৬ পিঠি চাওক। অসমীয়া কটকী ঢাকালৈ যাওঁতে “চান্দায় চৌধাৰীৰ বিলাতত ২ ৰাতি” থাকি গৈছিল। এই চান্দৰায় কোন মই বহুদিনৰেপৰা তাৰি উলিয়াৰপৰা নাছিলোঁ, আপোৰ কিতাপৰ পৰাহে জানিলে। এওঁ নাৰায়ণ গোমোথাৰ বংশৰ। এইদৰে ভবিষ্যত ঐতিহাসিক সকলৰ কাৰণে অপোনাৰ গ্ৰন্থ অমূল্য হব। পেঞ্চন লৈ মানুহে জিৰায়; আপুনি পেঞ্চন পোৱাৰ পাতত ইমান পৰিশ্ৰম কৰিছে; আপোনাৰ দেশপ্ৰেম আৰু স্বাৰ্থত্যাগ গোটেই অসমীয়াৰ আদৰ্শ নিশ্চয়। শুনিছে কায়স্থসমাজ সম্পৰ্কে আপুনি দ্বিতীয় গ্ৰন্থ সংকলন কৰিছে। তাতে কিছু পুৰুবীমা দিব পাৰে। চান্দো সদাগৰৰ (বনিয়া কাকতী। বংশাৱলী আৰু মজিলাৰ বৰুৱাৰ বংশাৱলী প্ৰকাশিত হৈছে। এযুত উপেন্দ্ৰনাথ বৰুৱালৈ (যোৰহাট) আপুনি এই বিষয়ে লিখিব পাৰে। আপোনালৈ আকৌ শলাগৰ শৰাই বঢ়ালে। আপোনা আত্মজীৱনীকণো পঢ়িলোঁ। লগতে মোৰ নামো এঠাইত খোচ মাৰি থৈ যোত (৮১০ পৃঃ) গৌৰবান্বিত হৈছে। ইতি- আপোনাৰ সূৰ্যৰ ভূঞা।