পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৮ কায়স্থ সমাজৰ ইতিবৃত্ত। শ্ৰীমন্ত শঙ্কৰ প্ৰভুৰ দহোটা নাম :-ৰ, গদাধৰ, মহাপুৰুষ, ডেকাগিৰী, অধিকাৰী, সন্ত, মহন্ত, আতা, গোমস্থা আৰু জগন্নাথ। বৰ্তমানে বৰদোৱাত ‘‘আকাশী গঙ্গা” নামে এটি অৰ্ধচন্দ্ৰাকৃতিৰ পুখুৰী আছে। এই পুখুৰী সম্বন্ধে গুৰু চৰিতত আছে—শ্ৰীমন্ত গুৰুৰ সময়ত এবছৰ ভক্তসকলৰ পানীৰ বৰ অভাৱ হয়। ভক্তসকলে প্ৰভুত জনালত নিশাৰ ভিতৰতে চণ্ডীবৰ ভূঞাই ৰোপন কৰা বৃহৎ বটবৃক্ষ এজোপা ভূগৰ্ভত সোমায় আৰু তাত এটা পুখুৰী হয়। ভক্তসকলে তেতিয়া সেই পুখুৰীৰ নাম “আকাশী গঙ্গা” ৰাখে। কিছুদিন পাচত অনুমান ১৪৮৮ খৃঃ অব্দত গুৰুৰ পত্নী বিয়োগ হয়। মনু নামে গুৰুৰ এটি কণ্ঠ। অছিলা; কন্যাটিক হৰি নামে ভূঞা লৰ। এটিত বিবাহ দি ৰাম ৰাম গুৰু, মহেন্দ্ৰ কন্দলী, ৰাময়, হৰিজয়, ধ্বজা, কমলিবৰা আদি সোজন ভক্তেৰে সৈতে তীৰ্থভ্ৰমণ কৰিবলৈ যায়। এই সময়ত পুনৰ জয়ন্তাৰ ওপৰতে শিৰোমণিভূঞাৰ বিষয় পৰে। প্ৰভুৱে গঙ্গা, গয়া, কাশী, মথুৰা, পুস্কৰ, দ্বাৰকা, ৰামেশ্বৰ, শ্ৰীক্ষেত্ৰ আদি ভাৰতৰ প্ৰধান প্ৰধান তীৰ্থবোৰ বাৰ বছৰ পৰ্যটন কৰি ফুৰে। ক্ষেত্ৰত প্ৰভু শ্ৰীমন্ত শঙ্কৰদেৱৰ স্বৰূপ দেখি ভক্তসকলে নিছক পাহৰিছিল। সেই সময়ত মহেন্দ্ৰ কন্দলীয়ে কৈছিল :- “মহেন্দ্ৰ কন্দলী বোলে কিনে। মোৰ শঙ্কৰ। জগন্নাথ সমে দুইৰৰ তুল্য কলেবৰ। মুহিক। মানুষ এন্তে দৈৱকী কুমাৰ। জগত ঈশ্বৰ এন্তে জানা সাৰে সাৰ।” ৰামচৰণ। তীগৰপৰা প্ৰভু ঘূৰি আহাত পিতামহ জয়ন্তই ৰাজ্যচৰ্চাৰ কাম পুনৰ ফিৰাই দিয়ে। তাৰ উপৰি পিতামহে নানা ভাৱে বুজাই পুনঃ কালিন্দী আইক বিয়া কৰাই দিয়ে (অনুমান ১৫০০ খৃঃ অঃ)। গুৰুৰ কিন্তু ৰাজ্যচৰ্চাও মন নবহিল। জয়ন্ত-মাধৱে মাজে সমযে শিৰোমণি ভূঞা বিষম চলোৱা ব্যৱস্থাত, অন্যান্য তলৰ ভূঞাসকলে ভাল পোৱা নাছিল। শ্ৰীমন্ত শঙ্কৰ তীৰ্গলৈ যাওঁতে পিতামহৰ পঞ্চদশ শতিকাৰ শেষ ভাগৰ শিৰোমণি ৰাজ্য। গত ভূঞাৰ বাব দিয়াত আনকি প্ৰভুৰ অনুজ বনগা তিনিও ভাল পোৱা নাছিল। তাৰ ওমাণ ৰামচৰণ ঠাকুৰৰ গুৰু চৰিত পোৱা যায়- গুৰু তীৰ্থৰপৰা ঘূৰি অহাত শিৰোমণি ভূঞাৰ পালৰপৰা বনগঞা গিৰীয়ে গাখীৰ খাবলৈ কেইজনমান গাই অনায়; তাকে দেখি খুটিৰ এক গোৱালে শিবোমণি ভূঞাৰ বিনানুমতিত গৰু আনা বাবে বাধা দিয়াত বনগ »াগিৰীয়ে সেই গোৱালক প্ৰাণে মাৰে। প্ৰভুয়ে এই কথা শুনি বেজাৰ কৰে :— “শঙ্কৰে বোল ভাই কি কাৰ্য্য কৰিলি। মুখুজিয়া ধেনু তই কিসক আনিলি। ২০৩৭ বনগঞা বোলে খঙ্গিবাক নাহি যোগ। তোমাৰ সম্পত্তি পিতামহে কৰে ভোগ। এতেকে আনিলো ধে আমাৰ গৃহক।” ৰামচৰণ ঠাকুৰগুৰু চৰিত। বনগ।