পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। $9

তাৰ পাচদিনা বহুত ব্ৰাহ্মণ আৰু অন্য জাতীয় লোক শ্ৰীমন্ত শঙ্কৰ প্ৰভুৰ ওচৰত শৰণ গ্ৰহণ কৰে :- “ৰাম ৰাম গুৰু আগে বস্ত্ৰ খসাইল। বলোৰাম উদাৰ শ্ৰীৰাম জয় ৰাম। পুস্তকক লাগি দণ্ডৱত কৰিলন্ত। হৰিদাস বনিয়া হৰিহৰে এৰি কাম। পণ্ডিত গহন যত বিপ্ৰ আসি আছে। সবাহানে আপোনাৰ কাপোৰ সলাই। বুঢ়াখায়ো সৰ্বয়ে উঠিল পাছে। দণ্ডৱতে পৃথিবীত পৰি নিজ কায়।” ৰামচৰণ ঠাকুৰ। এইদৰে আৰু কিছুমান ব্ৰাহ্মণ, উবনা, বন, ধ্বজা, মাধৈ (তিৰোতা), চান্দৰী (তিৰোতা) আদিয়ে শৰণ লয়। ইয়াৰ পাচৰপৰা প্ৰভুৱে শাস্ত্ৰৰচনা আৰু লোকক ধৰ্ম বিলোৱা কামত মন লগায়। গুৰুৰ এইবোৰ কথা লিখি অন্ত কৰা টান; গুৰু চৰিতোৰ পঢ়িলে বিস্তাৰিত বিবৰণ জানিব পৰা যায়। মন্ত শঙ্কৰদেৱৰ ৰূপ মাধৱদেৱে লিখিছে—দশিত সুন্দৰ গৌৰ কলেবৰ, যৈন সুৰ পৰকাশ। সকল সভাসদ ৰন যাকেৰি, দৰশনে পাপবিনাশ। বিনা অঙ্গ ভূষণ পেখি সুশোভন, গহীন গম্ভীৰ ধীমতি। অযত কমল নয়ন বৰ সুন্দৰ, বন চালকহো জ্যোতি। লীল। গজগতি গমন বিলোকন, বাণী মেঘ গম্ভীৰ। পাসওমৰ্দন কলিকো কালে, যাকে সম নাহি ধীৰ। ৰামচৰণ ঠাকুৰে লিখিছে :-- শ্ৰীমন্ত শঙ্কৰদেৱ গৌৰ কলেৱৰ। পৰম লাৱণ্য মূৰ্তি দেখিতে সুন্দৰ। ছত্ৰাকাৰ মাথা তাতে কেশ ৰুচিকৰ। দুই কৰ্ণে দোলয় কুণ্ডল সুবৰ্ণৰ। কপোল সুৰস অতি মুখপদ্ম জ্বলে। শীতল দীপিতি কৰি চন্দ্ৰ হেন চলে। নাশিকা সুন্দৰ নেত্ৰ পঙ্কজৰ পাশি। গম্ভীৰ চৰণ মুখে সদা অল্প হাসি। ৰাতুল অধৰ দন্ত মুকতাৰ পান্তি। ৰুচিৰ চিবুক যেন গলে পদ্ম কান্তি। আজানুলম্বিত দুই বাহু অতি পুস্ত। গল কন্ধ কণ্ঠক দেখতে মিলে তুষ্ট। মনোনীত দুই হস্তে তাৰ প্ৰকাশয়। বিতোপন আঙ্গুলিত আঙ্গঠি শোভয়॥ হৃদয়ে সুবৰ্ণ হাৰ নাই তাক সৰি। ৰত্নব কলুপ যেন গাৱত পাসৰি। বক্ষস্থলে কণ্ঠমণি জলে শাৰী শাৰী। হিঙ্গুলীয়া ভূণিখান নীলবৰ্ণ পাৰি। কটি উৰু জানু জঘ| অতি মনোনীত। দেখিলে মাত্ৰকে হৰে সহাৰ চিত্ত॥ নিৰ্মল কোমল যেন দুখানি চৰণ। লয় লাসে কাঢ়ে ভৰি গজেন্দ্ৰ গমন।” দৈত্যাৰি ঠাকুৰে লিখিছে – “দেখিতে সুন্দৰ গৌৰবৰ্ণ কলেৱৰ। কৰন্ত প্ৰকাশ অতি সূৰ্যসম সৰ। ৰূপ দেখি কন্দৰ্পৰৰ দৰ্প হোৱে ছন্ন। সৰ্বজন ৰঞ্জি থাকে মধুৰ বচন। গমন গম্ভীৰ, নেত্ৰ কমলৰ পাশি। চন্দ্ৰ সম বদন প্ৰকাশে অল্প হাসি। সুবোধ সুথিৰ ধীৰ গম্ভীৰ সাগৰ। প্ৰতি বাঢ়ি যায় তান্ত সমস্ত লোক।” 1