পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

86 কায়স্থ সমাজৰ ইতিবৃত্ত। (গ) ভাই, মুখে ৰাম বোলা, হৃদে ধৰা ৰূপ। এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। + + ব্ৰাহ্মণ চাণ্ডাল নিবিচাৰি জাতি কুল। মিত্ৰত বৈৰত যাৰ দৃষ্টি এক তুল। নীচত সাধুত যাৰ ভৈলা এক জ্ঞান। তাকেসে পণ্ডিত বোলে সি সি সৰ্বজন। বিশেষত মনুষ্যগণত যিত নৰে। বিষ্ণু বুদ্ধি ভাৱে সৰ্বদাষে মান্য কৰে। ঈৰিষা অসূৰ্য অহঙ্কাৰ তিৰস্কাৰ। নষ্ট হই সবে তেবে তাৱক্ষণে তাৰ। চাণ্ডাল গৰ্দভৰ আত্মৰাম। জানি সবাকো পৰি কৰিবা প্ৰণাম। সমন্তে ভূততে কৃষ্ণ বুদ্ধি নোহে যেবে। কাবাক্য মনে অভ্যাসিবা এহি ভাৱে। শ্ৰীমন্ত শঙ্কৰদেবে কপিলীপাৰৰ কুমাৰৰদ্বাৰা খোল তৈয়াৰ কৰা আৰু নিজে বৈকুণ্ঠৰ পট আকি চিহ্ন যাত্ৰা ভাওনা কৰে। এই ভাওনাত দৰ্শকসকল মোহ যায়। ভাওনাৰ শেষত শ্ৰীশঙ্কৰদেৱে মহেন্দ্ৰ কন্দলীক সেৱা কৰিব খোজাত তেওঁ থিয় দি কয় :- “কি কৰাহা বাপু তুমি সাৱটি ধৰিল। অনেক বিন বুলি তাক অশ্বাসিল॥ তোমাকেসে নমস্কাৰ কৰিবে লাগয। তুমিসে ঈশ্বৰ স্বামী জানিলো নিশ্চয। + + (হাৰ পাচত) মহেন্দ্ৰ কন্দলী গুৰু সভাত উঠিলা। হাজাৰ দশেক লোক তৈত হুয়া আছে। হাত তুলি হৰিধ্বনি কৰিলন্ত পাছে। + + + ফিৰি আসি দণ্ডৱ গুৰু বলিন্ত। কৰজোৰ কৰি সমস্তকে বুলিলন্ত। শুনা সভাসদ বোলো নিশ্চয বচন। শঙ্কৰ দেৱত মঞি পশিলো শৰণ॥ চাৰিবাৰ চাৰি দণ্ডৱত কৰিলন্ত। ভৈল গুৰু বুলি উচ্চ কৰি ডাকিল। + + + (আকৌ কন্দলীযে কয)-শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুযোজন। নৰোত্তম বৃদ্ধ তুমি পণ্ডিত গহন। উৰ্ধবাহু কৰি মঞি কৰো অঙ্গীকাৰ। শঙ্কৰত পৰে গুৰু নাহিকে আমাৰ। + + + ৰামচৰণ ঠাকুৰ। + + +