পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজৰ ইতিবৃত্ত। (ভকত মল্প) মহাশয়ৰ গোমস্থা হয়। কামৰূপৰ খাজনা আদায় সম্বন্ধে বলে এই সময়ত ৰজা ঘৰত কিবা বিচাৰ হৈছিল; দীনমণি নিজে গৈ সেই গোলমাল ভাঙি দিছিল; এই কাৰণে বলে তেওঁক কাম- ৰূপৰ ছযজন গোমস্থাৰ ওপৰত শিৰোমণি গোমস্থা পাতে; আৰু কামৰূপৰ সমস্ত পেৰা কাকত তেওঁৰ জিম্মাত ৰাখে। এই সময়ত আহোমৰাজে তেওঁক ৮০ পূৰ। নিস্কৰ ভূমি দান কৰে' এই মাটি বৰ্তমান বংশধৰসকলে নিস্পিখেৰাজ ভাৱে ভোগ কৰে। ইয়াৰ কিছুদিন পাচত ভোৰ উপদ্ৰৱ হয়; দীনমণিযে অশেষ যত্ন কৰি সেই অত্যাচাৰ দমন বৰে; আহোমৰাজে তাতে সন্তুষ্ট হৈ তেওঁক ধৰ্মপুৰ মৌজাৰ চামতা গাৱত এঘাৰ কুৰি পূৰা নানকাৰ ভূমি দান কৰে; ইয়াক আজি কালি কাইথাৰা খাত বোলে। দীনমণি বকতমলৰ অতি প্ৰিয়লোক অছিল। বকতল্প স্বৰ্গী হোৱাত বলে তেওঁৰ পুত্ৰ নাবালক সূৰ্য্যমলক বুজৰ বৰুৱা বিষৰ নিদ বিজয নামৰ অপৰ লোকক এই বিষয দিবলৈ বৰফুকনে স্থিৰ কৰে , দীনমণিয়ে সূৰ্যমলক লগত লৈ গডগাওঁ পায় আৰু নগৰত থকা বৰবৰুৱাক। হাত কৰি বুজৰ বৰুৱা বিষয় সৰ্য্যমল্লৰ নামে মঞ্জুৰ কৰাই আনে। সূৰ্য্যমল নাবালক দেখি কেনো দীনমণিক অধ্যক্ষ কৰে। সূৰ্য্যমল সাবালক হোৱাত তেওঁক বুজৰ বৰুৱা বিষয সোধাই দি নিজে গেলিপৰগণাৰ চৌধাৰী হয়; আৰু এই সময়ত তেওঁ সাত গেট তিনি পোৱা ভকত পায়। দীনমণি বৰ দানী পুৰুষ আছিল; আৰু দুখীযাৰ দুখ দেখিলে তেওঁ সহায় নকৰি থাকিব নোৱাৰিছিল। এসময়ত এজন দৰিদ্ৰ ব্ৰাহ্মণে বলে অন্ন কষ্টত পৰি এটি লৰা বঙালী নাৱৰীয়াৰ ওচৰত বিক্ৰী কৰিছিল। দীনমণিষে সংবাদ পাই ধন দি সেই ব্ৰাহ্মণ কুমাৰক উদ্ধাৰ কৰে। শুনা যায় এই ব্ৰাহ্মণ বালক পৰবৰ্তী কালত এন বিখ্যাত সাধক হৈ উঠিছিল। ৯। হৰিশ্চন্দ্ৰ-দীনমণিৰ পাচত এওঁ ক্ষেত্ৰি পৰগণাৰ চৌধাৰী হৈছিল। এওঁ সাত্ত্বিক বলী আৰু সাধক পুৰুষ আছিল। এওঁৰ বংশৰ গুদা নামৰ এজন লোকো বৰ বলী আছিল আৰু দুয়ো হেনো ডেৰ মোণ গধুৰ শিল এটা মাজে সময়ে বোপ খেলাইছিল; কোনো কোনো সময়ত বলে এই শিলটো চৈধ্যহট দীঘল ৰুৱাৰ নাম ঘৰৰ ওপৰেদি দলিয়াইছিল; এই শিলটো বৰ্তমানে যুত মুকুল নাৰায়ণ পাটোৱাৰীৰ ঘৰত আছে। ৯। লক্ষীনাথ-এওঁ বৰ বলী পুৰুষ আছিল; প্ৰবাদ আছে এওঁ বোলে হাবিৰপৰা অকলে এটা বনৰীয়া ম'হ ধৰি আনিছিল। এওঁৰ দিনতে মানৰ উৎপাত হয়। লক্ষ্মীনাৰায়ণ আৰু গুদাৰ ঘঙ্গত তেওঁ লোকৰ সেই অঞ্চত মানে বেচি উপদ্ৰৱ কৰিব নোৱাৰিলে। লক্ষ্মীনাৰায়ণৰ পাচত এই বংশৰপৰা চৌধাৰী বিষয় যায়। তেওঁৰ পাচত ভগীৰখ আৰু নাতি ১১ মনন বথ কমে পাটোৱাৰী হয়। এওঁলোকৰ স্থাপিত বিগ্ৰহৰ নাম লক্ষ্মীনাৰায়ণ”। কেইবাবাৰো গৃহদাহ হোৱাত প্ৰাচীন কাকত