কায়স্থ সমাজৰ ইতিবৃত্ত। So সণাই বাৰ খাণ্ডা বাৰু লৈলা বাছি বাছি। উষা সময়ত সবে কচাৰিক বেঢ়ি। চতুৰ্ভিতি কাটিবে লাগিলা দিয়া গেডি॥ ১০৩১ বগুৱা লাগিলা সবে কৰি থক বক। ভূঞা সবে কাটি নেই কৰি ঘক ঘক। জলে থলে লৱৰি পলাই কতো গৈল। তাৰ পৰা ভূঞা লোক খেদি নাই ৰৈল। ১০৩২ কচাৰি মাৰিয়া যত পাইলা ধন মাল। নৌকাত তুলিয়া লৈলা বাছি ভাল ভাল॥” এই ৰণ চাৰিসুতী মনহাত হৈছিল (মেপত চাওক)। ৰণত জিকি ভূঞাসকল বনগাৱলৈ আহে। • কিছুদিন থাকি আলিপুখুৰীলৈ আহে। আলিপুখুৰীত যুদ্ধ জয়ৰ উৎসৱ কৰি “বাহ্ৰভুঞা আদি যত লৈ ঘৰঘৰি। ভৈলা কৃত্য কৃত্য সবে আপদ নিতাৰি।” ৰাম চৰণ-গুৰু চৰিত। এই শিৰোমণি ভূঞাসকলৰ বিষয় শ্ৰীমন্ত শঙ্কৰ প্ৰভুৱে দশমত লিখিছে :- “সেহি মহা গ্ৰামেশ্বৰ যাৰ যশ এভু ভণে আছিল ৰাজধৰ। জয়ন্তামাধৱ দলৈ তান পুত্ৰ সূৰ্যবৰ দুয়ো ভাই যাহাৰ কনিষ্ঠ। মহা বৰা দেশধৰ তান পুত্ৰ কুলোদ্ধাৰ ভৌমিক মধ্যত সাৰ দনী মানী পৰম বিশিষ্ঠ। প্ৰসিদ্ধ কুসুম নাম যাৰ।” শ্ৰীমন্ত শঙ্কৰ আলিপুখুৰীত ডাঙৰ হবলৈ ধৰে। তেওঁৰ পাঁচ বছৰ বয়সত পিতৃ কুসুম্বৰ স্বৰ্গী হয়— অনুধৃতি আই স্বামীৰ লগত সতী যায়। মন্তৰ মাতৃদেৱী সত্যসন্ধ্যা আই প্ৰভুৰ জন্মৰ ৩ দিন পাচতেই স্বৰ্গী হৈছিল। শিৰোমণি ভূঞাৰাজ্যৰক্ষাৰ ব্যৱস্থা। সেই কাৰণে বুঢ়ী আই খেৰতী দেৱীয়ে দুই নাবালক নাতি শঙ্কৰ আৰু বনগঞা গিৰিক ডাঙৰ কৰিবলগীয়া হয়। শ্ৰীশঙ্কৰৰ পিতামহ জয়ন্ত আৰু মাধৱে শিৰোমণি ভূঞা-বিষয় চলাবলৈ ধৰিলে। বাৰভূঞাৰ ভিতৰত শ্ৰীমন্ত শঙ্কৰৰ পেহাক বুঢ়াখা ভূঞাই দক্ষিণ অঞ্চল, মাধৱৰ পুত্ৰ মাধৱী দলৈক গোপেশ্বৰ অঞ্চল আৰু বুঢ়াৰ পুত্ৰ কেতাখা ভূঞাই বিশ্বনাথ (গাংমৌ) অঞ্চলৰ শাসনকাৰ্য্য চলায়। শিৰোমণি ভূঞাৰাজ্যৰ ঠায়ে ঠায়ে পঢ়াশালি আছিল। বৰদোৱাৰ ওচৰৰ ৰামপুৰত কেন্দ্ৰীয় পঢ়াশালি এখন আছিল। শ্ৰীশঙ্কৰৰ এঘাৰ বছৰ বয়সত উত্তৰী দিয়াই ৰামপুৰৰ পঢ়াশালিত শিক্ষাৰ ব্যৱহা। থৈ দিয়ে। এই সময়ত মহেন্দ্ৰ কন্দলী নামৰ এজন বিশিষ্ট পণ্ডিত ৰামপুৰ পঢ়াশালিৰ অধ্যাপক আছিল। ৰাঘাচাৰ্য নামৰ এজন বিখ্যাত পণ্ডিতৰ গাত ভূঞাৰাজ্যৰ • পঢ়াশালিৰ শিক্ষা-ব্যৱস্থাৰ ভাৰ আছিল। ভূঞাৰ্যৰ ঠায়ে ঠায়ে মল্ল-ক্ৰিয়া আদিৰ শিক্ষা-দানৰ বাবে ব্যৱস্থা থাকাৰৰ প্ৰমাণ পোৱা যায়। সেই কালত ভূঞাৰাজ্যলৈ দূৰ দেশৰপৰা দিগ্বিজয় পণ্ডিত অহাৰ দৰে ২৪ জন মালো যুজিবলৈ আহিছিল। ||মন্ত শঙ্কৰদেৱৰ কল্যাৱস্থা আৰু
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৫
অৱয়ব