পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> কায়স্থ সমাজৰ ইতিবৃত্ত। দুখৰ ভূঞাৰ বংশধৰৰ কথা। ভুধৰভুঞা-এওঁৰ উপৰি পুৰুষ যশোহৰৰপৰা আহা বুলি চলি আহিছে। ভূধৰ ভূঞা বংশৰত আছিল। সম্ভৱতঃ মদাৰতোলাৰ উপৰি পুৰুষ পদ্মপাণি ভূঞাৰ সৈতে সৌমাৰৰপৰা গৈছিল। এওঁৰ দুই পুত্ৰ-দেৱধৰ আৰু হৰিহৰ। কামৰূপ আহোম ৰজাৰ অধীন হোৱাত হৰিহৰ মদাৰতোলাত চৌধাৰী হয় আৰু দুয়ো ভাই বংশৰ ত্যাগ কৰে। দেৱধৰ চুটিয়াপাৰাত আৰু হৰিহৰ মদাৰতোত থাকে। দেৱধৰৰ নাতি ১ (৫) অঙ্গদৰায় চুটিয়াপাৰাত তালুকদাৰ হয়। ২ (৫) ৰামনাৰায়ণ খাতা পৰগণাৰ ক্ষুদ্ৰশঙ্কৰ গাৱক উঠি আহে আৰু ৩ (৫) ভোগদত্ত গোৱালপাৰাৰ সোণাখুলিত থকা ভূঞাৰ অশ্ৰষ ল গৈ। অঙ্গদৰায়ৰ নাতি ২ আৰু ১ম কন্দৰ্পৰায় ভূঞা চুটিয়া পাৰাতে থাকে কিন্তু ৩য় নাতি জগতপতি শিমলীয়া গাৱক উঠি যায়। জগতপতিৰ বংশধৰসকল শিমলীয়া গাৱতে বৰ্তমানে বসতি কৰে। ১ম আৰু ২য় নাতি কন্দৰ্পভূঞাৰ বংশধৰ চুটিয়াপাৰাতে আছিল; বৰ্তমানে জীউধৰা ঠানিৰ মদাৰতোলাত অযুত কেশৱচৰণ চৌধাৰী আৰু শ্ৰীযুত শিৱৰাম দত্ত আছে। কদৰ্পভূঞাৰ পুত্ৰ হৰিবন্ধুভ ওৰফে ভুটুঙা কিছুমান দিন বংশৰৰ চৌধাৰী হৈছিল। শিৱসিংহ ৰজাই কন্দৰ্প ভূঞা মেধিক বৰুণ গাৱত (বৰ্তমান জালিমুৰা) ১৪০ পূৰা ধমত্তৰ জমি ২৷ গেট পাইক তেওঁৰ সৎসঙ্গী মঠৰ বাবে দিছিল। এওঁ “কলা ঠাকুৰ” নামে এটি বিগ্ৰহ স্থাপন কৰিছিল; এই কলাঠাকুৰৰ নাম অনুসৰি ইয়াৰ পূবেদি বোৱা নৈৰ নাম “কলীয়া জল” হোৱা বুলি শুনা যায়। উক্ত ধৰ্মোত্তৰ ভুমি মদাৰতোলাৰ প্ৰতাপী জয়চৰণ চৌধাৰী মহাশয়ে কন্দৰ্পভূঞা মেধিৰ দুৰ্বল বংশধৰৰ হাতৰপৰা লয়; পাচত কালীদত্ত ডেকাই মোকদম কৰি উদ্ধাৰ কৰে। এই মোকদম ১৮ ৪৭ চনত হৈছিল আৰু এই চনৰ ২০ নবেম্বৰ তাৰিখে ৰায় হৈছিল। ৰায়ৰ নকল তলত দিয়া হল :- আজ্ঞা হইল যে- জিম্মাদাৰেৰ পিয়ালী কাগজে লিখা প্ৰথম আপীলান্টে দখলী ১১৩ পুৰা জমী অন্য অন্য ধৰ্মত্তৰেৰ প্ৰণালী দ্বিতীয় আপীলণ্টেৰ জিম্মায় ৰাখা যায় ও উকীল মোক্তাৰেৰ ফিছেৰ বিষয় পূৰ্বেই হুকুম জাহেৰ কৰা গিয়াছে বিবা তদ্বিষয় কোনো হুকুম প্ৰদানেৰ আৱশ্যক ৰাখেনা আৰু দ্বিতীয় আপীলান্ট যদিও স্পেশিয়েল ডেপুটী সাহেবেৰ হুজুৰ এবাবত দাবীদাৰ হও প্ৰকাশ পাইনা কিন্তু তাদাৰ ইজাহান এবং মোকদ্দমা হওাতে যে নাবালক থাকাতে প্ৰথম আপীলান্ট দ্বিতীয় আপীলান্টেৰ পক্ষে দাবী কৰিবেৰ বলিয়া চক্ৰান্তৰূপে স্বয়ং দাবীদাৰ হও প্ৰথম আপীলান্ট যে উক্ত কন্দৰ্প মেধিৰ ধৰ্মত্তৰ কৰাৰে দাবী কৰে দ্বিতীয় আপীলান্ট ঐ মেধিৰ সত্য ও শে তাহাৰ উত্তৰাধিকাৰী উল্লেখে দাবীদাৰ হওাছে