সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজ ইতিবৃত্ত। 1 বামনাৰায়ণৰ ১ম পুত্ৰ আদিত্য; আদিত্যৰ পুত্ৰ ৰাব। . ৰামাৰ নাতি কায়দায় প্ৰথম বৃটিচ আয়োলত গুৱাহাটীত বচি হৈছিল। এওঁৰ প্ৰথম পুত্ৰ জগত তুৰাত ফসতি কৰে আৰু ২য় পুত্ৰ মীমা প্ৰথমে কেৰাণী হৈ পাচত চিলং চেক্ৰেটাৰীয়েটৰ চুপাৰিছেন্ট পদ লাভ কৰে। এওঁলোকৰ বংশধৰসকল বৰ্তমান সময়লৈ মঙ্গলদৈৰ কুৰুৱাত বসতি কৰি আহিছে। আদিত্যনাৰায়ণৰ দ্বিতীয় পুত্ৰ বন্ধুৰামৰ বংশধৰ গৌৰীমল গোৱালপাৰাৰ দলগোমালৈ উঠি যায়। আদিত্যনাৰায়ণৰ তৃতীয় পুত্ৰ কৃপানাথৰ নাতি মাৰায়ণ আমি ওপৰত কৈ অহা পৃথ্বীনাৰায়ণৰ পাচত সৰুক্ষেত্ৰি পৰণাত চৌধাৰী হয়; এওঁক ডেকা চৌধাৰী বুলিছিল। শ্ৰনাৰায়ণৰ বংশধৰ শ্ৰীযুক্ত চন্দ্ৰকান্ত বৰ্তমানে চেঙাতে আছে। আমি এতিয়ালৈকে সুন্দৰৰায়ৰ ১ম পুত্ৰ দুৰ্লভনাৰায়ণৰ বংশধৰসকলৰ কথাকে কৈ আহিছো। সুন্দৰৰয়ৰ দ্বিতীয় পুত্ৰৰ নাম কমলনাৰাযণ। কমলনাৰায়ণৰ বংশধৰসকলেও পোনতে চেঙাতেই বসতি কৰিছিল। কমলনাৰায়ণৰ পৰি নাতিৰ পুত্ৰ শ্যামনাথ, আৰু কৃষ্ণৰাম ক্ৰমে বৰক্ষেত্ৰি পৰগণাৰ চৌধাৰী আৰু সৰু চেঙাৰ চমুৱাদাৰ হৈছিল। শ্যামনাথৰ পুত্ৰ লক্ষ্মীনাথে গুৱাহাটীত ওকালতী কৰিছিল। তেওঁ গুৱাহাটী নগৰত আৰু আন ঠাইত ভূসম্পত্তি কৰিছিল। লক্ষ্মীনাথ আৰু ৰযবাহাদুৰ শ্ৰীযুক্ত বাবু কালীচৰণ সেন মহাশযৰ পিতৃ শ্ৰীমন্তসেনৰ ভিতৰত বৰ বন্ধু ভাব আছিল। লক্ষ্মীনাথৰ পুত্ৰসন্তান নৰল। এওঁৰ ভতিজা ৰায়বাহাদুৰ শ্ৰীযুত ৰজনীকান্ত চৌধাৰী। এওঁ ১৯০৩ চনত বৰনগৰৰ দমকা মৌজাৰ মৌজাদাৰ নিযুক্ত হয়। ইউৰোপীয় মহাসমৰ ৩ এওঁ গবৰ্ণমেন্টক চিপাহীসংগ্ৰহ আৰু যুদ্ধ-খণত সহায় কৰা বাবে গবৰ্ণমেন্টে ৰাণচাহাব উপাধি দিযে। তাৰ পাচত সমবায় সমিতিৰ অবৈতনিক গঠনকাৰ (FIonorary Organiser ) অৰু অবৈতনিক মেডিৰে কাম কৰি নাম কৰাত তেওঁক ১৯২৮ চনত ৰায়বাহাদুৰ উপাধি দিয়ে। বায়বাহাদুৰ প্ৰযুক্ত ৰজনীকান্ত চৌধাৰীয়ে আজিলৈকে মৌজা চলাই আছে; আৰু পূৰ্বৰ চেঙাৰ ঘৰ এৰি মৌজাৰ ভিতৰত সৰভোগ ৩ ঘৰ-বাৰী কৰিছে। এওঁ উঠি যোৱাৰ লগে লগে কমলনাৰায়ণৰ বংশধৰ বাকী কেইঘৰেও সৰভোগত ঘৰ-বাৰী কৰি বাস কৰিব ধৰিছে। ৰায়বাহাদুৰ শ্ৰীযুত ৰজনীকান্ত চৌধাৰী আৰু তেওঁৰ জ্যেষ্ঠভ্ৰাতা শ্ৰীযুক্ত ভুবনচন্দ্ৰ চৌধাৰীয়ে তেওঁলোকৰ বহুমূলীয়া মাটি এডোখৰ গুৱাহাটীত সনাতন ধৰ্ম্ম-সভা (বৰ্তমানে হৰি সভা) স্থাপনৰ নিমিত্তে দান কৰে। সেই মাটিত হৰি-সভা আজিও সংস্থাপিত। সেই উপলক্ষে আসামৰ গৌৰৱ অত্যুজ্জল, অদ্বিতীয় পণ্ডিত আৰু কৰি শিৰোমণি মহামহোপাধ্যায় ধীৰেশ্বৰ ভট্টাচাৰ্যই তেখেতৰ লেখনীৰে নিম্নলিখিত শ্লোকটি চনা কৰি বিষয়টো শৰণীয় কৰি থৈ গৈছে। ১৯১৪ চনৰ কৃষ্ণ। চেঙ্গা নামে জনপদে ৰঘুনাথ চতুধুৰীণ ইতিবিদিত। আসীতদনুজসহজে লক্ষ্মীনাথক হেপি।.