পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজৰ ইতিবৃত্ত। আছিল; হচেনে ৰণৰ সময়ত নিৰঞ্জনৰ বীৰত্ব দেখি সন্তোষ পাইছিল; সেই কাৰণে তেওঁ নিৰনক বধ নকৰি জায়গিদাৰ সেনাপতিৰ বাৰ দি জায়গিদাৰ কৰে। নিৰঞ্জনে দেশ-কাল বুজি পূৰ্বৰ সকলো কথা নিয়ম। পাহৰি এই নতুন বিষয়কে গ্ৰহণ কৰে। নিৰঞ্জনৰ পাচত তেওঁৰ পুত্ৰ বিশ্বপতি সৈন্যৰ নায়ক আৰু জায়গিদাৰ হয়। তেওঁৰ পাচত তেওঁৰ পুত্ৰ ধনপতি পিতৃৰ বিষয় পায়। এওঁ ধনুৰ্বিদ্যাত বৰ পাৰ্গত আছিল। এওঁৰ সময়ত পতি—দুসিংহ বঙ্গত দাউদখা স্বাধীন বাচা আছিল। প্ৰবাদ আছে যে এদিন ৰাতি এটা পক্ষীয়ে অমঙ্গল সূচক শব্দ কৰাত বাদচাহৰ শান্তি ভঙ্গ হয়; ধনপতি সেই সময়ত নগৰত আছিল; তেওঁ তাক জানিব পাৰি শব্দভেদী বাণ নিক্ষেপ কৰি সেই চৰাইটো বধ কৰে। বাদচাহে ধনপতি নায়কৰ নিপুণতা বুজিব পাৰি পাচ দিন তেওঁক ৫০০ তীৰাজ সৈন্যৰ ওপৰত সেনাপতি পাতে। ইয়াৰ কিছুকাল পাচত মোগল বাদাহ আকবৰে মুনিমখ আৰু টোডৰমক বঙ্গজয় কৰিবলৈ পঠায় (১৫৭৪ খৃঃ)। এওঁলোকে আহি কিছুমান ঠাই অধিকাৰ কৰে। ধনপতি বৰ আঢ্যৱন্ত পুৰুষ সেই কাৰণে দাউদৰ পালী বিষয়াসকলে ধনপতিক ভিতৰি ভাল নাপাইছিল। আকবৰ প্ৰেৰিত টোডৰম জাতিত কায়স্থ; তাকে দেখি কিছুমান বিষয়াই টোডৰমৰ লগত ধনপতিৰ ষড়যন্ত্ৰ থকা বুলি দাউদখাক লগায়। দাউদে কিংকৰ্তব্য বিমূঢ় হৈ ধনপতিক প্ৰাণে নামাৰি তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰি দেশৰপৰা খেদি দিয়ে। এই সময়ত প্ৰাচীন কামৰূপ কমতাত নৰনাৰায়ণ ৰজা দুপৰ সূৰ্যৰদৰে জ্বলিছিল। ধনপতি কোচৰাজ্যক আহে; নৰনাৰায়ণে পৰিচয় পাই প্ৰাচীন কনৌজপুৰত তেওঁক থাকিবলৈ দিয়ে। এই সময়ত ধনুসিংহে কোচবিহাৰৰ এঘৰ সম্ভ্ৰান্ত কায়স্থৰ কন্যা বিবাহ কৰায়। ইয়াৰ কিছুকাল পাচত চিলাৰায়ৰ মৃত্যু হোৱাত কোচৰাজ দুভাগ হয়ৰঘুদেৱ কোচ হাজোৰ ৰজা হয়। ঘুদেৱে কনৌজপুৰৰপৰা ধনুসিংহক আনি হাজোৰ শাসনকৰ্তা পাতে। এই সময়ত ধনুসিংহে ৰামদিয়াত ঘৰ-দুৱাৰ কৰে। কিছুকাল এইদৰে শান্তিত বাস কৰাত কোচৰাজ পৰীক্ষিতৰ দিনত কোচৰাজ্য ভাগে—মোগলে কোচ হাজো অধিকাৰ কৰি হাজোত থানা (নগৰ) পাতে আৰু তাত ফৌজদাৰ নামৰ এজন বিষয় ৰাখে। এই ফৌজদাৰে দেশ শাসন কৰিবলৈ আগৰ দেশীয় কৰ্মচাৰী বিচৰাত ধনুসিংহৰ সংবাদ পাই তেওঁক আনিবলৈ পঠায়। ধনুসিংহ সেই সময়ত বুঢ়া; তেওঁ নিজে ফৌজাদাৰৰ ওচৰলৈ নগৈ পুতেক দৈত্যাধিক পঠাই দিয়ে। ফৌজদাৰে দৈত্যাৰিক পাই সন্তোষ পায় আৰু তেওঁক উজীৰ উজীৰ দৈত্যাৰি পদ দিয়ে। এই সময়ত দৈত্যাৰিয়ে বহুত নিষ্কৰ ভূমি আৰু মাছ খাবলৈ ভোগৰ নামৰ এখন বিল পায়। দৈত্যাৰিৰ লগত কিছুমান মোগল অনুচৰ আছিল। এইবিলাক পুৰুষানুক্ৰমে তেওঁলোকৰ বংশধৰসকলৰ লগত আছিল; বৰ্তমানেও এওঁলোকৰ বংশধৰসকল চেঙাত থকা দৈত্যাৰি বংশধৰসকলৰ ওচৰত বাস কৰে বুলি শুনা যায়। সুন্দৰ ৰায়—এও পিতৃৰ বিষয় পায় আৰু হাজো ও ৰামদিয়াত মোগল ফৌজদাৰৰপৰা কিছুমান ভূসম্পত্তি পায়। কিন্তু অলপ দিন পাচতেই (১৬২৭ খ্ৰীঃ অঃ) মোগল-আহোম ঘুজ ঘটাত আহমে মানাহলৈ ৰাজ্য অধিকাৰ কৰে।

-