পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ কাস্থ সমাজৰ ইতিবৃত্ত। বৰ্তমান নগাৱৰ কলং সুতীৰ দক্ষিণ অঞ্চলত পঞ্চদশ শতিকালৈ কচাৰি প্ৰভাৱ আছিল। (চ) আহোম ৰাজ্য-১২২৯ খৃঃ অব্দত সৌমাৰত আহোম ৰাজ্য স্থাপিত হয়। ১৪৯৭ খৃ: অষলৈ এই ৰাজ্য বেচিকৈ বাঢ়া নাছিল। ১৫২০ খৃঃ অঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দিক্ৰাই আৰু দক্ষি। পাৰে কপিলী নদীলৈ আহোম ৰাজ্য বিস্তাৰিত হোৱা যেন লাগে। নাগাক্ষ ৰাজাৰ দুৰ্বল বংশধৰসকলে আৰু জিতাৰী ৰাজবংশৰ বংশধৰসকলে “ভূঞা” নাম ধৰাৰ কথা আমি আগতে কৈ আহিছে। সৌমাৰত আহোম ৰাজত্ব আৰম্ভ হোৱাত এই ভূঞাসকলৰ লগত তেওঁবিলাকৰ সংঘৰ্ষ হয়। আহোমৰাজসকলে প্ৰায় আঢ়ৈ শ বছৰৰ ভিতৰত ভূঞা নামধাৰী ৰূদ্ৰ ৰাজা আৰু কচাৰি ৰাজাক হৰুৱাই দিকৰাইলৈ আৰু কলিয়াবলৈ ৰাজ্য বহলাষ। চুহুং বা স্বৰ্গনাৰায়ণ ৰাজাৰ দিনত এই ৰাজ্যৰ সীমা পূবে আৰু পশ্চিমে ভালেখিনিলৈ বাঢ়ে। এওঁ পূব-উত্তৰৰ চুতিয়া ৰাজ্য অধিকাৰ আৰু পশ্চিমৰ বহুত ভঞাক জয় বৰি বৰনদীলৈ ৰাজ্য বঢ়ায; আৰু এৱেই দিকৰাইৰপৰা মুছলমানক খেদি পঠিযাই কতোয়া পাৰ কৰি দিযে (১৫৩২ খৃঃ অঃ)। (ছ) কামৰূপীয় ভূঞাসকলৰ স্বাধীনতাৰ কাল-ত্ৰযোদশ শতিকাৰ শেষ ভৰপৰা পঞ্চদশ শতিকাৰ শেষ ভাগলৈ কামৰূপ ৰাজ্যৰ ভূঞাসকল স্বাধীন ভাবে ঠায়ে ঠাযে ৰাজত্ব কৰি আছিল। এই সময়ৰ ভিতৰত নামনিৰ ফালে তেওঁলোকৰ ওপৰত মাজে সময়ে মুছলমান আক্ৰমণ পৰিছিল আৰু অলপ দিন খেনবংশীয় শেষ ৰাজাৰ অধীনত থাকিবলগীয়া হৈছিল। তাৰ পাচত পূবত আহোম আৰু পশ্চিমত কোচ ৰা স্থাপিত হোৱাত আৰু ক্ৰমে সিবিলাকৰ প্ৰভাৱ উত্তৰোব বৃদ্ধি হোৱাত ভূণাসকল ক্ৰমে আহোম আৰু কোচৰ অধীন হবলৈ ধৰে। স্বাধীন ভূঞাসকলৰ ভিতৰত মধ্য আসামত শিৰোমণি ভূণাই শ্ৰেষ্ঠ আছিল। নামনি অঞ্চলত বৰ- নদীৰ কোষত বৰভূণ। (ব্ৰাহ্মণ), ব্ৰহ্মপুত্ৰৰ ওচৰত নাৰায়ণ গোমথা (গোমস্থাৰ) বংশ, বজলী, ফুল ওঙী, বিজনী, ঔগুডি, বাউসী, মাখিবাহ আৰু পাৰ ভূঞাৰ নাম বিশেষকৈ পোৱা যায়। ভূঞাসকলৰ পৰিচয দিবলৈ যত্ন কৰা হৈছে। (২) শিৰোমণি ভূঞা—ধৰ্মপালে দুৰ্লভনাৰায়ণৰ পোৰ। ব্ৰাহ্মণ-কাযস্থসকলৰ কথা অগতে উখে কৰি আহা হৈছে। এওঁলোক বৰ্তমান কামৰূপ-গোৱালপাৰা জিলাৰ ঠাযে ঠাযে বসতি কৰে। ইয়াৰ ভিতৰৰ চীবৰ হাঙো আৰু বৰনদীৰ মাজৰ লেঙামাগুৰী নামৰ ঠাইত বসতি কৰে। প্ৰাচীন লোমওৰীত লোমাগুৰীৰ চিন স্বৰূপ বৰ্তমানে “মাগুৰী” নামৰ এখন গাওঁ আছে; আৰু বৰনদীৰ কোষত “লোই” নামৰ ঠাই আৰু বহুত গড আৰু পুখুৰী থাকা এক খণ্ড ঠাই আছে। চণ্ডীবৰ ভূণা এই ঠাইৰ ভিতৰতে আছিল বুলি জনশ্ৰুতি আছে। বৰ্তমান মাগুৰীৰপৰা বৰনদী ১৫ মাইল মান হব আৰু হাজোলৈ ১০ মাইল মান হব। মাগুৰীৰপৰা ৬ মাইলমান দূৰত “বৰহাটা” নামৰ এখন গাওঁ অছে। এই বৰহাটাই চণ্ডীবৰ ভূঞাৰ “বৰহাট” বা “বাৰ ভূঞাৰ হাট” অছিল বুলি কিছুমানে অনুমান কৰে। মাগুৰীৰ ৩ মাইলমান দক্ষিণ-পশ্চিমে বৰামবৈ নামৰ এখন সৰু পাহাৰ আছে; এই পৰ্বতৰ নামনিত স্বচ্ছ পানী-পূৰ্ণ এটা ডাঙৰ পুখুৰী আছে। এই পুখুৰীত বহুত মাছ আছে কিন্তু কেবে নামাৰে। বৰহাটাৰপৰা মাগুৰীদি বৰামবৈ পৰ্বতলৈ এটা অতি প্ৰাচীন আলিৰ মাজে মাজে অলপ চিন আছে। ধৰ্মপাল সীমান্ত নগৰ গোদণ্ডপুৰৰপৰা এই ঠাই প্ৰায় ৮ মাইলমান ল ও প্ৰান প্ৰধান - বাল।