কায়স্থ সমাজৰ ইতিবৃত্ত। ভাগত আৰিমত্তে সেই ৰাজ্য অধিকাৰ কৰা হয়। তাৰ পাচত যেতিয়া জিতাৰী বংশধৰসকলে নিস্তেজ হয়; সেই সময়ত কমতাত নেবংশৰ অভ্যুদয় হয়। খেনবংশৰ তিনিজন ৰাজাই ৰাজত্ব কৰিছিল; শেষৰ ৰাজা নীলাম্বৰৰ হাতৰপৰা হচেনচাহে কমতা অধিকাৰ কৰে (১৪৯৮ খৃঃ অঃ)। নীলাম্বৰে কিমান দিন ৰাজত্ব কৰিলে ঠিক কৰিব নোৱাৰি। কিন্তু এই বংশৰ তিনিজন ৰাজাই ৰাজত্ব কৰে। ১ম ৰাজা নীলধজে পালবংশীয় ৰাজাৰ হাতৰপৰা কমতা অধিকাৰ কৰে; দুৰ্ল ভনাৰায়ণৰ কোনো বংশধৰৰ হাতৰপৰা ৰাজ্য কাঢ়ি লবও পাৰে। দুভেন্দ্ৰৰ ভতিজা ফেঙৱাৰ পাচৰ ৰজাসকলৰ নাম বিস্মৃতিৰ গৰ্ভত লুকোৱা আচৰিত নহয়। কিন্তু এইসকল ৰাজাৰ ক্ষমতা আৰু প্ৰভাৱ নিশ্চয় কম আছিল বুলি বিশ্বাস হয়। (গ) মুছলমান অধিকাৰ-১২০৬ খৃঃ অত মহম্মদ ই বখতিয়াৰে কামৰূপ আক্ৰমণ কৰে; কিন্তু কামৰূপৰ বৰ্তমান চুটিয়াপাৰা ষ্টেচনৰ ওচৰৰ শিলশাকে পাওঁতে কামৰূপৰ ৰাজাৰ লগত ৰণ হয়; এই ৰণত খিলিজি পৰাস্ত হৈ বঙ্গদেশলৈ উলটি যায়। কামৰূপৰ এইজন ৰাজা পৃথুপাল বুলি অনুমান হয়। ১২২৭ খৃ: অত গিয়াচুদ্দিন নামৰ বগৰ চুবাদাৰে এই দেশ আক্ৰমণ কৰে। পৃথুপাল ৰাজ্য ভ্ৰষ্ট হৈ দেশান্তৰিত হোৱাৰ সময়ত কামৰূপ বা কম শ্ৰীহীন হয়। সেই সময়ত নৰকবংশৰ তেজ কমি যায়— বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত কামৰূপ ৰাজ্য বিভক্ত হয় আৰু নতুন নতুন ৰাজবংশৰ অভদষ হয়। এই সময়তে দুলৰ্ভনাৰায়ণে কিছুমান ভূঞাক যুদ্ধত ঘটুৱাই সিবিলাকৰপৰা কৰ আদায় কৰে। ১৪৯৮ খৃঃ অত বৰাজ হচেনচাহে পুনৰ কামৰূপ-কমত। আক্ৰমণ কৰে। এই সময়ত খেনবংশী শেষ ৰাজা নীলাম্বৰ আছিল। হুচেনে যুদ্ধ কৰি বলে নোৱাৰি চক্ৰান্ত কৰি নীলাম্বৰক বন্দী কৰে আৰু দেশ অধিকাৰ কৰে। হচেনচাহে হাজো অধিকাৰ কৰি পুতেকক দেশৰ শাসনকৰ্তা পাতি বঙ্গদেশলৈ গুচি যায়। কিন্তু হচেনপুত্ৰ ইয়াত সৰহ দিন থাকিবলৈ নাপালে। ১৫৩২ খৃঃ অত তুৰবকে আহোম ৰাজ্য আক্ৰমণ কৰি হাৰাত আহোম সেনাপতিয়ে মুছলমানসৈন্য খেদি নি কৰতোয়া পাৰ কৰি থয়। (ঘ) কোচ ৰাজ্যহচেনচাহৰ পুত্ৰ হাজোত থাকা সময়তেই বৰ্তমান গোৱালপাৰাৰ খুটাঘাট পৰগনাৰ চিকণিয়া গ্ৰাম বিশ্বসিংহ নাজা হয় (১৫১৫ খৃঃ অঃ)। হাজোৰপৰা মুছলমান শাসনকৰ্তা আঁতৰাত বিশ্বসিংহে কামৰূপ-গোৱালপাৰাৰ (বৰ্তমান সময়ৰ) ভূঞাসকলক পৰাস্ত কৰি সোণকোষৰপৰা বৰনদীলৈ সমস্ত ভূখণ্ড অধিকাৰ কৰে। বিশ্বসিংহক কামৰূপেশ্বৰ বা কমতেশ্বৰ বুলিছিল :- “কমতা ঈশ্বব বলো আঠচল্লিশ মহিযী বন্দে। বিশ্বসিংহ নৃপবৰ। ওঠৰ কোঁৱৰ”। বেউলা—দুৰ্গাদাস। তাৰ পাচত মহাৰাজ নৰনাৰায়ণৰ সময়ত কোচ ৰাজ্য পূবে আৰু পশ্চিমে ভালেখিনি দূৰ পৰ্য্যন্ত বিস্তৃত হয়। এই সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ কুলৰ প্ৰায় সকলে ভূঞা নৰনাৰায়ণ ৰাজাৰ অধীন হয়। (ঙ) কচাৰি ৰাজ্য—দ্বাদশ শতিকাত ব্ৰহ্মপুত্ৰৰ দক্ষিণ অঞ্চল (কলং সুতীলৈ) কচাৰি ৰাজ্যৰ ভিতৰত থাকাৰ প্ৰমাণ পোৱা যায়। এয়োদশ শতিকাত আহোম প্ৰভাৱ বেচি হৈ উঠাত কচাৰি ৰাজ্যৰ পূব খণ্ড ক্ৰমে আহোমৰ অধীন হবলৈ ধৰে; ১৫২০ খৃঃ অঃ কপিলী নদী আহোম-কচাৰি ৰাজ্যৰ সীমা হয়।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৭
অৱয়ব