পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ লাজ ইতিবৃত্ত। B$ হেনো। বৰ্তমান হাউলীখন উক্ত বৰদলৈ ডাঙৰীয়াৰ মতে বৰনগৰীয়া বৰুৱাৰ বন্দী-বেটী থক। ঠাই আছিল চণ্ডীনাৰায়ণক “বৰ বৰুৱা” বুলিছিল। এওঁৰ বিষয় গেইটে লিখিছে-“After the overthrow of the Koch kings an Abom oficial called Barnagoria Batuah lived there. He was killed by the Barmese, it is said, throwing his treasure into a small tank which is now silted up." চীনাৰায়ণৰ দিমত বৰগৰৰ গৌৰব বাঢ়ে। এই সম্বন্ধে প্ৰাচীন বৰনগৰত ধুত পাটগিৰি মহাশয়ে লিখিছে – চণ্ডীনাৰায়ণ বৰুৱাক বনগৰত নিযুক্ত কৰাৰেপৰা বৰনগৰৰ নাম ফুটিল।” ৩৯ পৃঃ। বৰ্তমান হালাপাকীৰ ওচৰত থকা বৰুৱাৰবাৰী বোলা ঠাইত চণ্ডীবৰুৱাই ৰাস কৰিছিল। ইয়াতেই তেওঁৰ টোল আৰু কাছাৰি আছিল। বৰুৱাবাৰীত সেই কালৰ আলি-পুখুৰী আদিৰ চিল আছে। সাপনা গাৱৰ ওচৰৰ হাউলীয়েই বনৰীয়া বৰুৱাৰ পূৰ্বপুৰুষৰ বাসস্থান বুলি জনশ্ৰুতি আছে। কেৱল চণ্ডীনাৰায়শেহে হাউলীৰপৰা উঠি যাই হালাপাকৰীৰ ওচৰত বাস কৰিছিল; আৰু ইম্মাকেই মানুহে পাছত “বৰুৱাবাৰী” বুলিছিল। মানৰ অত্যাচাৰ কমাত যেতিয়া দেশ ইংৰাজৰ হাতলৈ যায় সেই সময়তে চণ্ডীবৰুৱাৰ পৰিয়ালবৰ্গ পুনৰ বৰনগৰক আহৈ কিন্তু তেওঁলোকে পূৰ্ব সম্পত্তি একো নাপালে। চণ্ডীবৰুৱাৰ লগৰ সেই সময়ত ধ্বংস প্ৰায় হৈছিল। ৰুদ্ৰনাৰায়ণ—ইংৰাজ আমোলত এওঁ প্ৰথম চৌধাৰী হয়। তেওঁৰ পাছত দণ্ডনাৰায়ণ চৌধাৰী হয়। আহোমৰা পুৰন্দৰ সিংহৰ দিনত মদনমোহন বিগ্ৰহৰ বাবে ৰূপসি মৌজাত ৪৮ পূৰ্ব সিকৰ মাটি আৰু কিছুমান ভকত দান পাইছিল; কিন্তু ফলি নেহোৱাত সি বাজেয়াপ্ত হয়। দত্তনাৰায়ণ—গৌৰীপুৰ ৰাজ ৰাজা প্ৰতাপচন্দ্ৰ বৰুৱা বাহাদুৰৰ সময়ত এওঁ গৌৰীপুৰক উঠি যায়। তেওঁ যোৱাৰ লগে লগে হৰে নাৰায়ণ, হৰগোবিন্দ আদি উঠি গৈ গোৱালপাৰাৰ ঘুল্লা পৰগণাত বাস বৰে। ৰজত নাৰায়ণ মৃত্যুকাল পৰ্যন্ত বৰনগৰত আছিল। তেওঁ মৰাৰ পাছত তেওঁৰ ভতিজা পবিত্ৰ নাৰায়ণ বালিকৰিয়ালৈ উঠি যায়। ১৮৯৭ চনৰ প্ৰবল ভূমিকম্পৰ পাছত সত্যনাৰায়ণে ৰমগত থাকিবলৈ অসুবিধা পাই চেঙ্গালৈ উঠি যায়। শ্ৰীযুত ভবেন্দ্ৰনাৰায়ণ বৰুৱা—এখেতে গৌৰীপুৰ-ৰাজ-দপ্তৰত চাকৰি কৰে। যথেষ্ট পৰিমাণে ভূসম্পত্তি আছে; বাণিজ্যত এখেতৰ যথেষ্ট আগ্ৰহ আছে। নিজৰ লৰাক ব্যৱসায় শিক্ষা দি আৰ্থিক অৱস্থা উন্নত কৰাৰৰ ব্যৱস্থা কৰিছে। এখেত চৰিত্ৰবান আৰু স্বজাতিবৎসল। বহুত ৰছৰ এখেত কায়স্থ জাতীয় সভাৰ কাম কৰিছিল।