পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৪২ কায়স্থ সমাজ ইতিবৃত্ত। -- মুখখনি সুন্দৰ ঘূৰণীয়া, গোফকোচ। দীঘল আৰু শকত, হাত-ভৰি শকত-আৱত, গাত বৰ বল আছিল এওঁ হেনো বনৰীয়া মতা মহো ধৰি ৰাখিব পাৰিছিল। এওঁৰ প্ৰকৃতি বৰ শান্ত, ং, হিংসা, পৰ্শকাতৰত আদি দোষ এওঁৰ গাত সমূলি নাছিল। চণ্ডীনাৰায়ণ অতি সৰল আৰু বিশ্বাসী পুৰুষ আছিল। মানৰ তৃতীয় আক্ৰমণত চণ্ডীৰুৱাক মানে আগুৰি ধৰে। এওঁ প্ৰথমে অকলে মানৰ লগতে বহুত লোকেৰেসৈতে যুদ্ধ কৰিছিল। কিন্তু কামৰূপৰ কিছুমান ভাল মাসুহে তেওঁৰ ফালে যোগ নিদিয়াত শেষত এওঁ মানৰ হাতত বন্দী হয়। মানে তেওঁক ধৰি নি বৰপেটাৰ দক্ষিণ-পশ্চিমে মইনৰৰি নামে ঠাইত কাটে। মানে চওঁ বৰুৱাৰ টোল লণ্ডভণ্ড কৰে; ঘৰৰ হাউলি জুই লপাই পোৰে। চণ্ডী বৰুৱা মানৰ লগত যুঁজ কৰি থকাৰ সময়তেই তেওঁৰ ব্যৱস্থামতে তেওঁৰ স্ত্ৰী-পুত্ৰ মাহ নৈয়েদি পাই বিজনী পায়; তাৰ কিছুদিন পাছত মানে চণ্ডীবৰুৱাক কাটা সংবাদ পাই গৌৰীপুৰৰ জমিদাৰে তেওঁক লিয়ায়। হাউলীৰ পশ্চিমে “বৰুৱাবাৰ” নামে একখণ্ড হাবি আছে; এই হাবিত ভগা ইটা, পিল বহুত পৰি আছে; তাত ডাঙৰ পুখুৰীৰো চিন আছে। শ্ৰদ্ধাস্পদ ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই এইবোৰ ঠাই নিজে পৰ্যবেক্ষণ কৰি সেই ঠাইকে চণ্ডীবৰুৱাৰ একা টোল বুলি কয়। তেখেতে সেইবোৰ চাই চণ্ডীবৰুৱাৰ টোলৰ চিত্ৰ বৰ্ণনা কৰিছে। পাঠকসকলৰ বাবে আমি সেই চিত্ৰৰ আনুমানিক নক্সা আঁকি তত দিলে। তীবৰবৰুৱাৰ চাৰি পূৰা মাটিৰটোল THE BETUL পৰিঘৰ থেৰি বৰ ঘৰ দালান সোণাৰl/দালান ভড় বেটা বন্দ থকম OOOO ভড়াল ঘৰ Sha) চোতাল বুলনী ঘৰ চোতাল M ঘেৰি চৰামৰ দলন মণিকুট ১১ মাত্ৰ সৈন্য এক হাউলি বাট ঢ়াৰ ফুলনি ফুলনি পুখুৰী . পুখুৰী Tok 913 [শল ইটাৰ পকা বাট চৰা