সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত। চন্দ্ৰমোহনে নকল কৰা দশমৰ শেষত তেওঁ লিখিছে :- নন্দক সত্বৰে যিটো, আনিলা উদ্ধাৰি, ইত্ৰৰ দৰ্পক ভঙ্গ কৰিলা মুৰাৰি। আনো যত দুষ্ট ৰাজাগণক সংহৰি, ৰাখিল। সন্তক প্ৰভু গোবৰ্ধনধাৰী। হেনয় কৃষ্ণৰ চৰণত কৰি নতি, মূঢ় হুয়া দশমক লিখো মলমতি। আকেসে প্ৰাৰ্থনা কৰে। তবু চৰণত, সদায় আমাৰ মতি নেবে তোমাত। অপৰ প্ৰাৰ্থনা কৰে। প্ৰভু চক্ৰপাণি , পিতৃ-মাতৃ সমে মোক ৰক্ষা কৰা স্বামী। ৰঙা চৰণৰ যেন অনুগ্ৰহ পাও, এহিমান বাঙ্গা তযু চৰণে জনাও। গোপালৰ পদে মোৰ নচাৰোক মতি, বাহ অভ্যন্তৰে প্ৰ কৰিছে মিনতি। X X X > X এতেকে আমাক ৰজ স্তমে ব্যাপি আছে, কলিকালে সদায় খেদয় পাছে পাছে। গোপালৰ পদ বিনে পৰিত্ৰাণ নাই, তুমিসে জীৱন মোৰ গতি সমুদায়। X X X X X X ভাতৃ বধু আৰ যি অপত্যাদি যত, সম্পিলেহ সমস্তকে তযু চৰণত। দেহৰ সম্বন্ধে যিবা দাস দাসী দিছা, চৰণে ৰাখিবা তুমি কৰি আছে ইচ্ছা। আৰু এহিমানে কৃপা আমাক মিলোক, ৰঙা চৰত মোৰ ৰতি মুগুচোক। ৫। (২) ৰমাকান্তৰ পুত্ৰ শ্ৰীকান্তও এজন শাস্ত্ৰানুৰাগী নৈষ্ঠিক পুৰুষ আছিল। এওঁ ৩য় ঋদ্ধ ভাগৱত নকল কৰিছিল। এই পুথিৰ তলতত পূৰ্ব পুৰুষৰ আৰ্হিৰে নিজে বংশৰ কিছু কথা পদত লিখিছে। এই পদ পঢিলে এনে অনুমান হয় যেন তাপাৰ নাৰায়ণ গোমস্থাৰ ঘৰত সম্বন্ধ কৰাৰ পাচৰপৰা এই বংশত শাস্ত্ৰচৰ্চাৰ অনুৰাগ বৃদ্ধি পায়, যেনে- “পূৰ্বে পিতামহী আই জন্মিলে তাপাত, তাহাৰ বংশত ৰঘুপতি ভৈলা জাত। X X X X তাহাৰ আখৰে আৰ্হি পাই মোৰ মনে, আনন্দিত কৰি মনে আনিলো যতনে।” ওপৰতে উল্লেখ কৰি আহা কংশাৰিৰ ৰচিত পদত তাপাৰ এই গৰাকী মহিলাৰ কথাকে কৈ আহ হৈছে। গৌৰব-বি ভুমুকি দিছে। ওপৰৰ উল্লিখিত পদবোৰৰ পৰা এই বংশৰ স্বচ্ছল অৱস্থাৰ কথা অনুমান কৰিব পাৰি। কিন্তু আজি কেই পুৰুষমান আগৰপৰা নানা কাৰণত অৱস্থা বেয়া হয়; সুখৰ কথা বৰ্তমানে পুনৰ পূৰ এই বংশৰ ৮ম পুৰুষ শ্ৰীযুত হৰেন্দ্ৰ নাৰায়ণ দত্ত ডি, আই মহাশয়ে শিক্ষা বিভাগত সোমাই বৰ্তমানে ডিপুটী ইনিস্পেক্টৰৰ কাম কৰে। ৯ শ্ৰীযুত মহেন্দ্ৰ বল্লভ দত্ত বি, এ,-এওঁ বি, এ, পাচ কৰি বৰ্তমানে শিক্ষকতা কৰে।