পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫১২ কায়স্থ সমাজৰ ইতিবৃত্ত। চাৰুভদ্ৰ-কোচৰা পৰীক্ষিত নাৰায়ণৰ বৰকায়স্থ আছিল আৰু তেওঁ গোৱালপাৰাৰ ৰাঙামাটিৰ ওচৰত বাস কৰিছিল; মীৰজুমলাৰ আসাম আক্ৰমণৰ সময়ত চাৰুভদ্ৰ পলাই কামৰূপ পায় আৰু তাৰ বৰভাগ পৰণাৰ বনগাৱত বাস কৰে। এও জগন্নাথ বৰকায়স্থৰ কন্যাক বিয়া কৰাই ইয়াতে স্থায়ী ভাবে থাকে। চাৰুভদ্ৰ শাক্ত আছিল। তেওঁৰ লগত এখন দুৰ্গাপ্ৰতিমা, পুৰোহিত আৰু দুইজন ভকত আছিল। এই কেইজন মানুহে চাৰুভদ্ৰৰ লগতে থাকিবলৈ ধৰে; পুৰোহিতৰ বংশ বাঢ়ি বৰ্তমানে গাওঁ হৈছে। চাৰুভদ্ৰৰ নাতি কিণকপাণি আহোম ৰজাৰপৰা কিছুমান নিস্কৰ ভূমি লাভ কৰে। চতুৰ্থ পুৰুষ হ। ভূষণৰ সময়ত মানৰ উৎপাত হয়। এই উপদ্ৰৱত জাগাৰাৰ গোসাইৰ গুণ গৰিমা দেখি হৰভূষণৰ পুত্ৰ কৃষ্ণকান্ত মোহিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে; আৰু তাৰ ফলতেই চাৰুভদ্ৰৰ বংশৰ এই শাখাটো ভাগৱতী হয়ৰ হৰভূষণৰ ভাতৃ চন্দ্ৰমোহন। কৃষ্ণকান্ত আৰু চন্দ্ৰমোহনে বহুত পদ পুথি নকল কৰি এটা পুথিভঁৰাল কৰিছিল। তেখেতসকলে নকল কৰা পুথিবোৰৰ শেষত নিজৰ পৰিচয় সংক্ষেপে লিখি থৈ গৈছে। সেইবোৰ পঢ়িলে বোধহয় হৰভূষণৰ ভাতৃ চন্দ্ৰমোহনেও ভাগৱতী ধৰ্ম গ্ৰহণ কৰিছিল। চন্দ্ৰমোহনৰ বংশধৰ নাই, সেই কাৰণেহে তেওঁৰ ধৰ্মমত পৰিবৰ্তন কৰাৰ কথা চাৰুদ্ৰৰ বংশধৰসকলৰ ভিতৰত অজ্ঞাত বুলি বোধ হয়। কৃষ্ণকান্তৰ অপৰ নাম কংশৰি; এই নিজ ৰচিত পদত নিজক কংশাৰি আৰু এজন কবি বুলি প্ৰকাশ কৰি গৈছে। কৃষ্ণকান্তই ১৭১৫ শকত কীৰ্তন পুথি লিখে; তাৰ তলত তেওঁ নিজৰ আৰু খুড়াকৰ এইদৰে পৰিচয় দিছে :- “খুড়া পিতৃ কনিষ্ঠৰ (চন্দ্ৰমোহন) মনে যি ৰুচিকৰ; জগত নায়ক নিধি, তাকে স্বামী কৰা সিদ্ধি তিনি প্ৰসঙ্গত নিতে, চৰণ চিন্তয় চিত্তে; পদ স্তোত্ৰ ব্যাখ্যা কৰি, সদা থাকে হৰি অৰি। চাৰিগুটি ভক্ত জানি, মহা সুখে থাকে শুনি; আৰু যিব শুনি থাকে, অমৃত কলসে বাকে। আছে বুঢ়ী মাতৃ গুটি, বয়স দিলেক ভাঠি; তথাপি প্ৰাতসে গান, পাদ পন্মে কৰে ধ্যান। হিংসা শূন্য হুয়া বসি, থাকে যেন মহা যশি; চিন্তি থাকে শুদ্ধাশয়, বালক যেহেন নয়। এতেকেসে প্ৰাণবন্ধু, তাৰিবা সংসাৰ সিন্ধু, দুই ভাতৃ সমে মোক, দাস বুলি মানিয়োক। তোমাৰ চৰণ আমি, চিন্তি যেন থাকো স্বামী, কৰিয়োক মন সিদ্ধি, তুমি জগতৰ বিধি। ভাৰ্য্যা পুত্ৰ যি আছে, তোমাৰ চৰণ বাঞ্চে, আকে জানি কৃপা কৰা, দুৰ্গতি সমন্তে।

X x X X X X X বিষয়ৰ সম্বন্ধত, দাস-দাসী আছে যত, তাকে। স্বামী কৃপা কৰা, দুৰ্মতিক তাকে হৰা। X X X X X X X X X X X X ভাগ পূৰগণা বৰ, বনগ্ৰামে থিতি ঘৰ, মোৰ জীৱ গুটি ক্ষুদ্ৰ, কুলত কায়স্থ ক্ষুদ্ৰ। x আচৰণ সেবি, কায়স্থ কংশাৰী কবি, পদৰ ৰচনা শুনা, যেন বংশাৱলী কুণা। এই খিনিতেই তেওঁৰ নিজৰ বংশৰ নৈষ্ঠিকতা আৰু ভক্তি ভাৰ ভালদৰে ফুটি উঠিছে। কৃষ্ণকান্ত বা কংশাৰীৰ খুড়ক চন্দ্ৰমোহন; তেওঁ সম্ভবতঃ উদাস আছিল আৰু সদায় শান্ত্ৰ চৰ্চাতে সময় অতিবাহিত কৰিছিল।