পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত ২১ ৰজোদৰ্শন নোহোৱা পৰ্য্যন্ত কন্যাক পিতৃ গৃহতে ৰাখে। ৰজোদৰ্শনৰ ২১ বছৰ পাচত দ্বিগমন বা পাচ- বিয়া হয়। আমাৰ ইয়াৰদৰে বিয়াৰ আগতে বৰ-কন্যাৰ কোষ্ঠী চাই জোৰা চোৱাৰ দৰে তেওঁলোকৰ আছে; আৰু আমাৰ ইয়াৰ কন্যা সোধা (খোজা) দস্তুৰ যেনে তেওঁলোকৰ প্ৰায় তেনে। বিয়াৰ পাচত আমাৰ ইয়াৰ কায়স্থৰ বাহিৰে অন্য জাতিৰ যেনে “আঠমঙ্গলা”ৰ উৎসৱ আছে, বেহাৰতত কন্যাৰ ঘৰত প্ৰায় তেনে উৎসৱ হয়। আমাৰ ইয়াত (বিশেষকৈ উজনী অঞ্চলত) যিদৰে বিয়া উপলক্ষে ৩৫/৭ দিন পানী তুলি বৰ-কন্যা ধুওৱা (নোওৱা) দস্তুৰ আছে, বেহাৰতো সেই দন্তুৰ চলি আছে। আমাৰ ইয়াত বৰ বৰোঁতে গাখীৰ-কলৰ অৰ্য আৰু পাদ্য দিয়াৰ দৰে বেহাৰতে বৰক বিয়স্থলত বহুৱাই পাদ্য-অৰ্থ। দিয়ে। মৃতাশৌচ গ্ৰহণ প্ৰথা এওঁলোক দুবিধ; কিছুমানে ১৩ দিনত আৰু কিছুমানে এক মাহ অশৌচ পালন কৰে। কিছুমানে আকৌ ১৬ দিনতো অশৌচ খেদায়। তেৰ দিনত অশৌচ খেদোৱাসকলক “ৰ।" এক মাহত খেদোৱাসকলক “মাসী” বোলে। এই ৰকমে বেহাৰী কায়স্থৰ লগত কামৰূপীয় কায়স্থৰ ভালেখিনি সাদৃশ্য বৰ্তমান সলমলৈকে চলি থাক। দেখা যায়। বঙ্গদেশ—আদিশূৰৰ সময়ত একাদশ শতিকাৰ শেষ ভাগত বঙ্গদেশলৈ পঞ্চ ব্ৰাহ্মণ আৰু পঞ্চ কায়স্থ আহে; এই সময়ৰপৰা বঙ্গদেশত কায়স্থৰ প্ৰভাৱ দেখিবলৈ পোৱা নায়। * তাৰ প্ৰায় এশ বছৰ পাচত বালসেনে (অনুমান দ্বাদশ শতিকাৰ শেষ ভাগত) বঙ্গদেশ কৌলিন্য প্ৰথা প্ৰচলন কৰে। * মকন্দঘোষ বংশীয় চতুৰ্ভজ, দশৰথ বসুবংশীয় লক্ষ্মণ আৰু পৃষণবসু, বিৰাট গুহৰ বংশধৰ দশৰথ গুহ আৰু কালিদাস ১ ইয়াৰ উপৰি বিশ্বকোষত দেখা যায়—দেৱদত্ত নাগ, চন্দ্ৰভানু নাথ, আৰু চন্দ্ৰচূড় দাস নামে আৰু তিনিজন কায়ও কাকুজৰ ৭। ২য় বাৰ আদিশূৰৰ ৰাজ-সভালৈ আহে। পাচত জয়ধৰ সেন, ভূমিঞ্জয় কৰ, ভূধৰ দাস, জয়পাল, চন্দধৰ পালিত, চন্দ্ৰধ্বজ চন্দ্ৰ, বিপুঞ্জয় ৰাহা, বীৰভদ্ৰ ভদ্ৰ, দণ্ডৰ ধৰ, তেজধৰ নন্দী, শিখিধ্বজ দেব, বশিষ্ঠ কুণ্ড, ভদ্ৰবাহ সোম, সীৰবাহু সিংহ, ইন্দ্ৰধৰ ৰক্ষিত, হবিবাহ অঙ্কু, সোমপান বিষ্ণু বিশ্বচেতা অঙ্গ, মহীধৰ নন্দন পশ্চিম গৌড়ৰপৰা আহি আদিশূৰৰ ৰাজ-সভাত প্ৰতিষ্ঠা লাভ কৰে। আদিশূৰে উক্ত ২৭ জনক ১৭ পান গাম দান কৰে।

  • প্ৰাচ্য বিদ্যমকাৰ গেন্দ্ৰনাথ বসু মহাশয়ে আদিশৰক অষ্টম শতিকাৰ ৰাজা বুলি উল্লেখ কৰিছে; কিন্তু “বাঙ্গালাৰ

ইতিহাস” লিখক (বৈজ্ঞানিক প্ৰণালীৰে) শ্ৰীযুত ৰাখালদাস বন্দোপাধ্যায় মহাশয়ে প্ৰাচ্যবিদ্যামহাৰ্ণবৰ সকলো যুক্তি-তৰ্ক খণ্ডন ৰি কয় :-খৃষ্টীয় দশম শতাব্দীৰ পূৰ্বে গৌড়ত, মগধ বা সঙ্গত শৰীয় ৰজাসকলৰ অস্তিত্ব সম্বন্ধে কোনো বিশ্বাসযোগ্য প্ৰমাণ আজি পৰ্যন্ত আবিষ্কৃত হোৱা নাই।" ইয়াৰ উপৰি ত্ৰয়োদশ শতিকাৰ ১ম পদৰ অমৰ ধপ। ৰজা অশিশুৰৰ সমসাময়িক (General vew of the lHistory of kamrup by Dr. Francis Buchanan M. 1). M. R. A. 8. Page 186. প্ৰাচ্যবিদ্যামহাৰ্ণবে বঙ্গদেশত কৌলীন্য প্ৰথা প্ৰচলনকাৰী বালসেন আদিশূৰৰ প্ৰায় তিনি শ বছৰৰ পাচৰ ৰাজা বুলি প্লপ কৰিছে; কিন্তু বাঙ্গালাৰ ইতিহাসত (শ্ৰীযুত ৰাখালদাস বন্দোপাধ্যায় কৃত) বল্লালসেন আদিশূৰৰ দৌহিত্ৰবংশৰ বুলি উল্লেখ কৰিছে। ইয়াৰপৰা অনুমাণ হয় বল্লালসেন জাদশ শতিকাৰ শেষৰ বা এয়োদশ শতিকাৰ ৰাজা আছিল। প্ৰাচ্যবিদ্যা- মহাব আৰু আন কিছুমান বজলী ঐতিহাকিৰ সাঙ্গ লাৰ ব্ৰাহ্মণ-কায়দুৰ ইতিবৃত্ত পঢ়িলে আদিশূৰ আৰু বল্লালসেন দুজনক প্ৰতাপৰন্তু ডাঙৰ ৰাজা বুলি বোধ হয় কিন্তু ৰাখালদাস বন্দোপাধয় মহাশয়ে “শূৰবংশীয় ৰাজবংশ” জনশ্ৰুতি বুলিহে কয়, আৰু তেওঁবিলাক ৰা আছিল এণিও ৰাজা তি ক্ষুদ্ৰ বালি।