পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় শৰ ইতিবৃত্ত। হৈছিল। আৰু এখেতেই ১৯১৬ চনত এনে ভিলেজ অথৰিটিৰ প্ৰথম সভাপতি হৈছিল। আৰু সেই ভিলেজ অথৰিঢ়িত দেৱানী আৰু ফৌজদাৰী শোধা ভাৰ দি বেঞ্চ আৰু কোট স্থাপন কৰাত এখেতেই সেই বেঞ্চ আৰু কোৰ্টৰ সভাপতি হৈছিল। গত ১৯৩৬ চনত গবৰ্ণমেন্টে নলবাৰীত এখন অনাৰেৰী বেঞ্চ স্থাপন কৰি এখেতৰ কামত সুখ্যাতিৰ বাবে এখেতক অনাৰেী মাজিষ্ট্ৰেট কৰিছে। অসামত গবৰ্ণমেণ্টৰ কৃষি বিভাগৰ যি পৰামৰ্শ দিয়া সভা আছে (আসাম “এগ্ৰিকালচাৰ এডভাইচাৰী বোৰ্ড) এখেতে এই বিষয়ত বহুত প্ৰজাৰ হিতকৰ কাম কৰা বাবে সমূহ আসামৰপৰা এখেতকেই গবৰ্ণমেন্টে সেই বোৰ্ডৰ গত ১৯৩৮ চনত মেম্বৰ নিযুক্ত কৰিছে। আৰু তেতিয়াৰপৰা এতিয়ালৈ সেই মতেই আছে। গত ১৯১৩ চনৰপৰা নলবাৰী সমূহ ৰাইজৰ উপকাৰৰ অৰ্থে ডাক্তৰখানা, ভেটেৰীনাৰী ডাক্তৰখানা আৰু কো-অপাৰেটিত ইনস্পেক্টৰ হেড কোৱাটাৰ, চবৰেজিষ্ট্ৰেী অফিচ আদি আছে। বেচি ভাগৰ সংস্থাপনৰ আৰু এইবিলাক আন আন বিলাকৰ উন্নতিৰ মূলতে। এখেতেই। গত ১৯৩৭ চনত তেখেতৰ চিৰ জীবনেই ৰাজহুৱা কামত সহায় কৰা বাবে গবৰ্ণমেন্টে অনুগ্ৰহ কৰি ৰায় চাহেব উপাধি দিয়ে। ১৯০৮ চনলৈ কৃষি বিভাগৰ অনাৰেৰী কৰস্পেনডেন্ট আৰু ১৯৩৮ চনৰপৰা , বৰ্তমানলৈ এই বিভাগৰে অনাৰেৰী অৰ্গেনেইজাৰ নিযুক্ত থাকি নিজৰ পৰা আৰু গবৰ্ণমেণ্টৰপৰা বহুত ধান, আলু আৰু অন্যান্য শস্যৰ বিধান কিছুমান গাৱত খেতি কৰায় আৰু হাড়া আদি কিছুমান সৰ খেতিয়কক দি খেতিৰ উন্নতিৰ চেষ্টা কৰিছিল। গত ১৯২২ চনৰপৰা ১৯৩২ চনলৈ কো-অপাৰেটিভৰ অৰ্গেনেইজাৰ থাকি বৰমা আৰু ধমধমা দুই এলাকাত দুটি এওি সমবায় সমিটি আৰু বহুত গাৱলী বেঙ্ক গঠন কৰিছিল। গত ১৯২৭ চনত বৰ্তমান ভাৰতৰ মহামান্য বৰলাট চাহাব বাহাদুৰ লৰ্ড লিনলিথ গো ভাৰতীয় কৃষি বিভাগৰ “ৰয়েল কমিচনাৰ সভাপতি হৈ আসামলৈ আহে। তেতিয়া গুৱাহাটীৰ ৰায় বাহাদুৰ মহেন্দ্ৰমোহন লাহড়ীৰ সৈতে এখেতৰ মত সুধিছিল আৰু এখেতে মত দিয়াৰ পিচত চিলঙত জবানবন্দি দিবলৈ এখেতকেই মাতিছিল। মুঠৰ ওপৰত নলবাৰী এলাকাৰ বহুত ৰাজহুৱা কাম, নলবাৰী টাউনৰ সকলোবিলাক ৰাজহুৱা আৰু গবৰ্ণমেণ্টৰপৰা দিয়া অনুষ্ঠান। এখেতৰ হাতেৰে হোৱা। এখেতে চিলঙত হোৱা আসাম কো-অপাৰেটিভ প্ৰভিঞ্চিয়েল বেঙ্কৰৰ এজন সংস্থাপক সভ্য আৰু বহুদিন এই বেঙ্কৰ ডাইৰেক্তৰ আছিল। গত ১৯১১ চনৰ দিল্লীৰ কৰোনেইচনৰ সময়ত গৌৰীপুৰৰ শ্ৰধুত ৰাজা বাহাদুৰ আদিৰ লগত গুৱাহাটীত বহা দৰবাৰত এখেতেই কৰোনেইচন মেডেল পাইছিল। আৰু ভাল কামৰ সুখ্যাতিৰ বাবে ১৯৩৫ চনত জুবিলি মেডেল আৰু ১৯৩৭ চনত কৰোনেইচন মেডেল পাইছে। লোকেলবোৰ্ড আৰু অন্যান্য শিল্প-কৃষি আদি নতুন নতুন কামৰ পৰীক্ষা কৰা বুলিও গবৰ্ণমেন্টে বিপোটত স্বীকাৰ কৰিছিল। আৰু মাননীয় ভূতপূৰ্ব আসামৰ গৰ্ণৰ চাৰ বিটচন বেল মহোদয়ে ১৯ চনত হাইস্কুলৰ কামৰ লগতে অধ্যান্য ৰাজহুৱা কৃষি-শিল্প আদি কাম দেখি সেইবিলাক তাল কাম বুলি স্বীকাৰ কৰিছিল। কামৰূপৰ উত্তৰ পাৰৰপৰা আসাম গবৰ্ণমেণ্টৰ চিলঙত বহা আৰু অন্যান্য ৰাজহৰা কামৰ বাৰে এখেতে